কোকৰাঝাৰত স্বাক্ষৰতা আৰু সংখ্যিকতা অভিযান প্ৰশিক্ষণ আৰম্ভ

কোকৰাঝাৰ ৰাষ্ট্ৰভাষা বিদ্যাপীঠ হাইস্কুত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষকৰ অনা আৱাসিক স্বাক্ষৰতা আৰু সংখ্যিকতা অভিযান (এফএলএন) প্ৰশিক্ষণ আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত স্বাক্ষৰতা আৰু সংখ্যিকতা অভিযান প্ৰশিক্ষণ আৰম্ভ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ: কোকৰাঝাৰ ৰাষ্ট্ৰভাষা বিদ্যাপীঠ হাইস্কুত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষকৰ অনা আৱাসিক স্বাক্ষৰতা আৰু সংখ্যিকতা অভিযান (এফএলএন) প্ৰশিক্ষণ আৰম্ভ হৈছে। সমগ্ৰ শিক্ষাৰ কোকৰাঝাৰ শিক্ষাখণ্ডৰ খণ্ড মিচন সমন্বয়কৰ উদ্যোগত কোকৰাঝাৰ ৰাষ্ট্ৰভাষা বিদ্যাপীঠ হাইস্কুলত আজিৰে পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ শিক্ষক প্ৰশিক্ষণকালত বিভিন্ন বিদ্যালয়ৰ প্ৰায় ২৯১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

Advertisment

অনুষ্ঠানৰ প্ৰথম দিনা প্ৰাৰ্থনা সভাৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছত বুনিয়াদী সংখ্যিকতা ৰূপায়নৰ ক্ষেত্ৰত শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যৰ উপৰিও আন ভালেমান বিষয়ৰ ওপৰত সমল ব্যক্তিসকলে প্ৰশিক্ষাৰ্থী শিক্ষকসকলক প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণকালত জিলা আঁচনি বিষয়া জাহাংগীৰ হুছেইনে প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি নিজ কৰ্মৰ প্ৰতি শ্ৰদ্ধা থাকিলেহে সফলতা পাব পাৰি বুলি উল্লেখ কৰে।

চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰৰ নিৰ্দেশনা মানি চলিব লাগিব বুলি উল্লেখ কৰি বৰ্তমানৰ চৰকাৰে শিক্ষাক লৈ দেখুওৱা গুৰুত্ব প্ৰশংসনীয় কাৰ্য বুলি উল্লেখ কৰে । ফাউণ্ডেচন মজবুত নহলে একো ভাল ফলাফল নহয় বুলি মন্তব্য কৰি জাহাংগীৰ হুছেইনে কয় যে, ভগৱানৰ অৱতাৰ হ'ল শিক্ষক আৰু সেয়েহে শিক্ষকসকল আদৰ্শবান হোৱা উচিত ।

শিক্ষকৰ ভূমিকা, প্ৰশিক্ষণ, ছাত্ৰ-ছাত্ৰী ইত্যাদি বিষয় লৈ আকৰ্ষণীয় বক্তব্য ৰখা জিলা আঁচনি বিষয়া জাহাংগীৰ হুছেইনে ঋণাত্মক মানুহ কেতিয়াও সফল নহয় বুলি মন্তব্য কৰি শিক্ষকসকলক সৰ্বদিশতে আদৰ্শবান হ'বলৈ আহ্বান জনাইছে। আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) ভাগীৰথী ৰায়, ব্লক এম আই এছ ফিৰদুছ হুছেইনেও উপস্থিত থাকি শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী পৰ্যবেক্ষণ কৰে।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ বুনিয়াদী স্বাক্ষৰতা আৰু সংখ্যিকতা অভিযানৰ (এফ এল এন) প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে মণ্ডল সমন্বয়ক সঞ্জীৱ ৰায়, খণ্ড সমন্বয়ক ৰহুল আমিন সৰকাৰ, সমল ব্যক্তি ক্ৰমে পাপন দেৱ নাথ, ছাহিদুৰ ৰহমান, আব্দুৰ ৰেজ্জাক হুছেইল, দীপজয় ৰায়, মুধুস্মিতা দাস, জ্যোতিষ্মিতা চলিহা আদিকে ধৰি কেবাগৰাকী সমল ব্যক্তি উপস্থিত থাকে। 

কোকৰাঝাৰ