/asomiyapratidin/media/media_files/2025/04/21/CShNG7wuA2pzaHRMetKE.jpg)
ডিজিটেল সংবাদ, চিৰাং: সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন। এই বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত বিটিআৰত শাসকীয় দল বিজেপিত আৰম্ভ হৈছে তীব্ৰ খহনীয়া। বিশেষকৈ দেওবাৰৰ দিনটোত চিৰাং জিলাৰ ১৩ নং চিৰাং, ১৪ নং চিৰাং দুৱাৰ আৰু ১৫ কাজলগাঁও পৰিষদীয় সমষ্টি এলেকাৰ বিজেপিৰ নেতা, কৰ্মীসকলে সমূহীয়া ভাবে পদত্যাগ আৰম্ভ কৰিছে।
জানিব পৰা মতে জিলা বিজেপিৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ জিলা পৰ্য্যায়ৰ নেতাৰ পৰা আৰম্ভ কৰি মণ্ডল, যুৱ মণ্ডল আৰু বুথ পৰ্যায়ৰ মুঠ ৬৮ গৰাকী বিজেপি নেতা, কৰ্মীয়ে সমূহীয়া ভাৱে পদত্যাগ পত্ৰ দাখিল কৰিছে। তাৰে মাজত চিৰাং মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান জিলা বিজেপিৰ কাৰ্য্যকৰী সদস্য কিৰণ বসুমতাৰী, চিৰাং জিলা বিজেপিৰ যুৱ মৰ্চাৰ উপ সভাপতি ছাংগ্ৰাং বসুমতাৰী, ১৩ নং চিৰাং মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি ৰাকেশ সাহা, মণ্ডল যুৱ মৰ্চাৰ উপ সভাপতি অনুব্ৰত বৰ্মন, চিৰাং মণ্ডল এচ চি মৰ্চাৰ সম্পাদক, দেবাশিষ সৰকাৰ, কাজলগাঁও মণ্ডল এছ চি মৰ্চাৰ সম্পাদক নীলমণি বিশ্বাস আদি কৰি জিলা আৰু মণ্ডল পৰ্যায়ৰ নেতা কৰ্মীয়ে বিজেপিৰ চিৰাং জিলা সমিতিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
দেওবাৰৰ দিনটোত চিৰাং জিলাৰ অন্তৰ্গত তিনিটা পৰিষদীয় সমষ্টিৰ পৰা সক্ৰিয় বিজেপিৰ নেতা কৰ্মীসকলে এইদৰে বিজেপি দলৰ পৰা বিভিন্ন অজুহাত দেখুৱাই সমূহীয়া পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত চিৰাং জিলা বিজেপিৰ ভিতৰচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে আজিৰ দিনটোত বিভিন্ন বৈদ্যুতিন মাধ্যমত চিৰাং জিলা বিজেপিত চলি থকা খহনীয়াৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ৰাজ্যিক বিজেপিৰ বহু কেইজন নেতা চিৰাং জিলালৈ ঢাপলি মেলিছে।
তেওঁলোকে জিলাখনত সৃষ্টি হোৱা দলীয় খহনীয়া ৰোধ কৰিবলৈ চেষ্টা চলাব। জানিব পৰা মতে পদত্যাগ পত্ৰ দাখিল কৰা নেতা কৰ্মীসকলৰ সৈতেও তেওঁলোকে মত বিনিময় কৰিব। ইতিমধ্যে এই সম্পৰ্কীয় বাৰ্তা পদত্যাগী নেতা কৰ্মীলৈ প্ৰেৰণ কৰা হৈছে।
বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চিৰাং জিলা বিজেপিত চলি থকা অন্তঃকলহ আৰু তাৰ মাজতে সৃষ্টি হোৱা খহনীয়াই যে অন্যান্য ৰাজনৈতিক দলবোৰক সুবিধা প্ৰদান কৰিব সেই বিষয়ে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।