বড়োলেণ্ড বিশ্ববিদ্যালয়ত ভাষা গৌৰৱ সপ্তাহ পালন

ধ্ৰুপদী অসমীয়া ভাষাৰ ৰূপৰেখা আৰু ইয়াৰ গৌৰৱোজ্জ‌্বল ঐতিহ্য আৰু এক প্ৰায়োগিক পৰ্যালোচনা সন্দৰ্ভত বক্তৃতানুষ্ঠান

author-image
Asomiya Pratidin
New Update
বড়োলেণ্ড বিশ্ববিদ্যালয়ত ভাষা গৌৰৱ সপ্তাহ পালন

ডিজিটেল সংবাদ, কোকৰাঝাৰ : অসম চৰকাৰৰ দ্বাৰা আয়োজিত "ভাষা গৌৰৱ সপ্তাহ" উদযাপনৰ সতে সংগতি ৰাখি বুধবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।  'ধ্ৰুপদী অসমীয়া ভাষাৰ ৰূপৰেখা আৰু ইয়াৰ গৌৰৱোজ্জ‌্বল ঐতিহ্য আৰু এক প্ৰায়োগিক পৰ্যালোচনা' সন্দৰ্ভত অনুষ্ঠিত হোৱা আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ উমেশ ডেকা উপস্থিত থাকে ।

Advertisment

ড° প্ৰহ্লাদ বসুমতাৰীয়ে আঁত ধৰা উক্ত অনুষ্ঠানটো বন্তি প্ৰজ্জ্বলনেৰে উন্মোচন কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বাবুলাল আহুজাই। বক্তৃতানুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণী-বিজ্ঞান বিভাগৰ অধ্যাপক ড° হিল্লোল জ্যোতি সিংহই সভাপতিত্ব কৰাৰ লগতে ইংৰাজী বিভাগৰ অধ্যাপক প্ৰদীপ কুমাৰ পাত্ৰই বীজ ভাষণ প্ৰদান কৰে। নিজ ভাষণত মুখ্য অতিথি ড° উমেশ ডেকাই অসমীয়া ভাষাৰ ঐতিহ্য আৰু বিকাশৰ ক্ষেত্ৰত পুৰোধা ব্যক্তিসকলৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি সাহিত্যৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে।

ইপিনে মুখ্য বক্তা হিচাপে উপস্থিত থকা ড° ৰাতুল ডেকাই অসমীয়া ভাষাৰ উৎপত্তি বিকাশৰ স্বীকৃত আৰু সম্ভাৱনাপূৰ্ণ মত সম্পৰ্কে পুনৰ বিশ্লেষণৰ অৱকাশ আছে বুলি অৱগত কৰাৰ লগতে অসমীয়া ভাষা, পটভূমিৰ সমৃদ্ধ ধাৰা সম্পৰ্কেও অৱলোকন আগবঢ়ায় । তেওঁ কয় যে অসমীয়া ভাষা কেৱল আজি অসমীয়া ভাষা কোৱা সকলৰ নহয়। তেওঁ ভাষাৰ সমৃদ্ধিৰ ক্ষেত্ৰত সহাৱস্থানৰ প্ৰসংগও উল্লেখ কৰে।

আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ অধ্যাপক, সাহিত্য অকাডেমি বঁটা বিজয়ী ড° ইন্দিৰা বড়োৱে বড়ো ভাষাৰ ভঁৰাল চহকীৰ ক্ষেত্ৰত অনুবাদৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰে। লগতে ভাষাৰ পাৰস্পৰিক শিকনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।

সাহিত্য অকাডেমি বঁটা বিজয়ী অঞ্জলি বসুমতাৰীয়ে নাৰীবাদী চিন্তাৰ প্ৰসংগত নতুন প্ৰজন্মৰ যুৱতী লেখকৰ বাবে কিছু গুৰুত্বপূৰ্ণ বক্তব্য দাঙি দৰে। কোকৰাঝাৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰেশ চন্দ্ৰ ৰায়ে কোঁচ ৰাজবংশী ভাষা সাহিত্যৰ ভৱিষ্যৎ সম্পৰ্কে মতামত আগবঢ়ায়। পদ্মশ্ৰী মঙ্গল সিং হাজোৱাৰীয়ে ভাষাৰ প্ৰতি নৱপ্ৰজন্ম দায়বদ্ধ হোৱাৰ বাবে অনুৰোধ জনায়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, গৱেষকসকল উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত উদযাপন সমিতিৰ তৰফৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীক সম্বোধন কৰি 'অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ যোগেদি বৃহত্তৰ অসমীয়া সমাজৰ সাংস্কৃতিক পৰিচয় সুদৃঢ়কৰণৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা জ্ঞাপন' বিষয়েৰে প্ৰস্তুত কৰা এক পত্ৰও কোকৰাঝাৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে ।

Also Read: ভূমি কেলেংকাৰী : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক আৰক্ষীৰ জেৰা  

Bodoland university