/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/27373442-d25a-4679-8dd8-b4dafd56ef7b/BTC_7.jpg)
কোকৰাঝাৰত ভূমিকেন্দ্ৰিক সংঘাতঃ BTC ৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' সন্মুখতে প্ৰচণ্ড মাৰপিট
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ লামাপাৰাত আজি ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিত ১১ জনকৈ লোক আহত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপি নেতা তথা বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ সন্মুখতে সংঘটিত হোৱা উক্ত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত আহত হোৱা লোকসকল হ'ল ক্ৰমে পৰেশ বৰ্মন (৫৪), নিপেন বৰ্মন(৫৫), বিশ্বজিৎ দাস (৩৪), সুকুনী বৰ্মন (৪২), নবকান্ত বৰ্মন (২৮), সুশান্ত বৰ্মন (২২), পৰমেশ্বৰ বৰ্মন (১৯ ), মিন্টু দাস (৩৭), মিনতী বৰ্মন (৩০), দিনেশ্বৰী বৰ্মন (৪৫) আৰু বাবলু বৰ্মন (৩৭)বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত লামাপাৰা গাঁৱত থকা মাটি এডৰাক লৈয়ে আজি ভূমিকেন্দ্ৰিক বিবাদ সংঘটিত হয়। প্ৰাপ্ত বাতৰি অনুসৰি লামাপাৰা গাঁৱত সাপটগ্ৰামৰ এজন ব্যৱসায়ীৰ সাত বিঘা মাটি আছিল। উক্ত ৭ বিঘা মাটি ব্যৱসায়ীজনে বিশেষ সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিৰ ওচৰত বিক্ৰী কৰাৰ বাবে চুক্তিত উপনীত হয় ।
ইফালে উক্ত মাটিখনিত পূৰ্বৰে পৰা এগৰাকী খিলঞ্জীয়া লোকে খেতিবাতি কৰি আহিছিল। সেইগৰাকী লোকেও উক্ত মাটিখিনি কিনাৰ বাবে ইচ্ছুক আছিল। মাটিখিনৰ বাবদ তেওঁ বিঘাই প্ৰতি দুইলাখকৈ টকা দিবলৈ মান্তি হয়।
কিন্তু মাটিৰ মালিকে ধৰ্মীয় সংখ্যালঘু লোক এজনৰ ওচৰত বিঘাই প্ৰতি তিনিলাখ টকাকৈ বিক্ৰী কৰাৰ বাবে চুক্তিত উপনীত হয়। বিষয়টোক লৈ কেইবাদিনৰ পৰা অঞ্চলটোত চৰ্চা অব্যাহত থাকে আৰু শেষত গৈ স্থানীয় ৰাইজে বিষয়টো বিজেপি নেতা তথা বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ক অৱগত কৰে ।
বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ পৰামৰ্শ মতে আজি উক্ত মাটিত জেওঁৰা দিবলৈ যাওঁতেই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে হাতে হাতে লাঠী লৈ আনটো ফৈদক আক্ৰমণ কৰে। তেওঁলোকৰ আক্ৰমণত নিৰস্ত্ৰ আনটো ফৈদৰ ১১ জন লোক আহত হয় ।
ইয়াৰে কেইবাজনো লোকৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত হোৱা নগৰাকী লোকক কোকৰাঝাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। পিছত ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্ত বিষয়াসকল উপস্থিত হয় আৰু সোধপোছৰ বাবে কেইবাগৰাকী লোকক আটক কৰি আনে।
বিটিচিৰ বিজেপিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ সন্মুখতে আৰু তেওঁৰ লগত থকা নিৰাপত্তাৰক্ষীৰ সন্মুখতে প্ৰচণ্ড মাৰপিট হোৱা ঘটনাই কোকৰাঝাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Also Read: প্ৰাক্তন প্ৰধান শিক্ষক ঘনকান্ত বড়াৰ মৃত্যুত উৰিয়ামঘাটত শোক...