বড়ো সাহিত্য জগতত শোকঃ প্ৰথিতযশা সাহিত্যিক লক্ষ্মীনাথ ব্ৰহ্মৰ দেহাৱসান

সাহিত্য একাডেমী বঁটাপ্ৰাপক, সমাজকৰ্মী,  প্ৰাক্তন খেলুৱৈ,  প্ৰাক্তন ফুটবল ৰেফাৰী তথা বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীনাথ ব্ৰহ্ম আৰু নাই।

author-image
Tushar Pratim
New Update
বড়ো সাহিত্য জগতত শোকঃ প্ৰথিতযশা সাহিত্যিক লক্ষ্মীনাথ ব্ৰহ্মৰ দেহাৱসান 

ডিজিটেল সংবাদ, চিৰাং: বড়ো সাহিত্য জগতৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক তথা সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত সাহিত্যিক,  সমাজকৰ্মী,  প্ৰাক্তন খেলুৱৈ,  প্ৰাক্তন ফুটবল ৰেফাৰী তথা বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীনাথ ব্ৰহ্মই আজি বিয়লি ৩ বাজি ৩০ মিনিটত কোকৰাঝাৰ জিলাৰ হৰিগাঁৱৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যু বড়ো সাহিত্য জগতৰ বাবে এক বিশাল ক্ষতি বুলি বিবেচিত হৈছে। 

Advertisment

উল্লেখ্য যে প্ৰয়াত লক্ষ্মীনাথ ব্ৰহ্ম চাকৰি জীৱনৰে পৰা বিশেষকৈ শিশুসকলৰ বাবে সাহিত্য ৰচনা কৰি গৈছিল। ২০১৯ বৰ্ষত বড়ো ভাষাৰ “ছলো বাথা‌ খোনাচং দে” (সাধু কথা শুনো আহক)শিশু গ্ৰন্থৰ বাবে "সাহিত্য একাডেমি বঁটা" লাভ কৰিছিল। ইয়াৰ উপৰি লক্ষ্মীনাথ ব্ৰহ্মই চুটি গল্প "চে মিনিটনি গল্প,  হাড়াখোদ্বীপ,  ৰেগে ৰেগাং ছলো বাথা,  জখাইচে ৰংগিথা ছংগিনা ছলো বাথ্ৰা,  বাথা ফাংথে জলংগা,  লকেল জেংগাব গালখাব,  শ্ৰীশ্ৰীমনসা বিষহৰি,  খুদিয়া খন্থাইমালা, গৗমৗথাও গৗমৗথাও ছলো,  ছলো বাথা জলংগা,  গদেমা সুবুংনি নীতি বৗছৗন ৰাও বিহুং,  খুদিয়া ছলো থেৰে বিদাং,  মাখাচে দেৱ দেৱীনি ছলো,  আং নৌংখৌ মৗজাং মৗনৗ ৰজে,  আংনি ৰৗমৈ ৰৗমৈ গৗদৈ গৗদৈ গৗছৗখাংথি,  আংনি বাইথাই মালা আদি সৃষ্টিৰে বড়ো ভাষাৰ সাহিত্যক সমৃদ্ধ কৰিছিল। 

তেওঁ অসমীয়া ভাষাত ‘ওলোটা খৰ’ নামৰ লিমাৰিক কবিতা পুথিও প্ৰকাশ কৰি উলিয়াইছিল। অৱশ্যে গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ হ্ৰাস পোৱা বিষয়টোক লৈ তেওঁ উদ্বেগো প্ৰকাশ কৰিছিল। চলিত বছৰৰে জানুৱাৰী মাহতে তেওঁ অসমীয়া প্ৰতিদিনৰ স্থানীয় সাংবাদিকৰ আগত আক্ষেপ প্ৰকাশ কৰি কৈছিল, প্ৰতি বছৰে নিজৰ সাঁচতীয়া হাজাৰ হাজাৰ টকা ব্যয় কৰি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াও কিন্তু দুৰ্ভাগ্যজনক কথা যে এই গ্ৰন্থ পঢ়িবলৈ পঢ়ুৱৈ নাই। এতিয়া নতুন প্ৰজন্মৰ লগতে একাংশ জ্যেষ্ঠ লোকেও গ্ৰন্থ অধ্যয়নৰ সলনি মোবাইল ফোনত ব্যস্ত থাকে।  

প্ৰয়াত লক্ষ্মীনাথ ব্ৰহ্মৰ জন্ম হৈছিল ১৯৫২ চনৰ ১ ছেপ্তেম্বৰত হৰিগাঁৱত। তেওঁৰ পিতৃ আছিল প্ৰয়াত ফুকন চন্দ্ৰ ব্ৰহ্ম আৰু মাতৃ আছিল প্ৰয়াত ফেদাব বালা ব্ৰহ্ম। তেওঁ প্ৰাথমিক শিক্ষা নিজ গাঁৱৰে প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰিছিল।

১৯৬০ চনৰ পৰা বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত ক্ৰমে ১৯৬৭-৬৯ চনত কোকৰাঝাৰ কলেজ,  ১৯৮৬ চনত কোকৰাঝাৰ পি জি টি কলেজত বি এ, বি টি ডিগ্ৰী গ্ৰহণ কৰে। ১৯৭১ চনত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে চাকৰীত যোগদান কৰি ১৯৯৯ চনৰ পৰা ২০১২ চনলৈ উক্ত বিদ্যালয়ৰে অধ্যক্ষ পদত অধিষ্ঠিত হৈ নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। 

১৯৯৭-১৯৯৯ লৈ কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি, ১৯৯৬ চনত বড়ো ভাতৃ ঘাটি ৰোধৰ বাবে বড়ো সাহিত্য সভাৰ দ্বাৰা গঠিত “বডো নেচনেল পিচ এণ্ড কো-অৰ্ডিনেচন কমিটি”ৰ সদস্য,  ২০০২ আৰু ২০০৬ চনত গঠিত বড়ো সাহিত্য সভাৰ “কনষ্টিটিউচন ৰিভিউ চাব কমিটি”ৰ সভাপতি,  ২০০৮-২০১১ চনৰ পৰা বড়ো সাহিত্য সভাৰ কাৰ্যকৰী সমিতিৰ কো-অপটেড মেম্বাৰ আছিল। 

জীৱনৰ ৭৩ টা বসন্ত অতিক্ৰম কৰাৰ পিছতো নিৰবিচ্ছিন্ন ভাৱে সাহিত্য চৰ্চা আৰু সামাজিক কাম-কাজত জড়িত হৈ থকা সকলোৰে শ্ৰদ্ধাৰ লক্ষ্মীনাথ ব্ৰহ্মৰ মৃত্যুৰ খবৰে বড়ো সাহিত্য জগতত গভীৰ শোকৰ ছাঁ পেলাইছে। বড়ো সাহিত্য সভা,  এবছু,  বিটিচি প্ৰশাসনৰ পৰা প্ৰয়াত লক্ষ্মীনাথ ব্ৰহ্মৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে মঙলূবাৰে ৰাতিপুৱা ১০ বজাত তেখেতৰ অন্তিম সৎকাৰ কৰা হ’ব। 

 

বড়ো সাহিত্য বড়ো সাহিত্য সভা চিৰাং