ভয়ংকৰ কাণ্ডঃ প্ৰথমে ফেচবুকত চিনাকী তাৰ পাছত যৌন নিৰ্যাতন চলাই বিক্ৰী কৰাৰ অভিযোগ

কোকৰাঝাৰৰ যুৱতীক সতে বলদেৱ বৰ্মনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ কাণ্ডঃ প্ৰথমে ফেচবুকত চিনাকী তাৰ পাছত যৌন নিৰ্যাতন চলাই বিক্ৰী কৰাৰ অভিযোগ

ভয়ংকৰ কাণ্ডঃ প্ৰথমে ফেচবুকত চিনাকী তাৰ পাছত যৌন নিৰ্যাতন চলাই বিক্ৰী কৰাৰ অভিযোগ

ডিজিটেল সংবাদ কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ দামোদৰপুৰৰ এগৰাকী বৰ্মন উপাধীৰ যুৱতীৰ সতে ফেচবুকত চিনাকী হোৱা চাপৰ জিলাৰ শালকোছাৰ বামুনপাৰাৰ বলদেৱ বৰ্মনে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপনেৰে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰ মৰ্মে প্ৰথমে যুৱতীগৰাকীৰ সতে বলদেৱ বৰ্মনে ফেচবুকত চিনাকী হোৱাৰ পিছত যোৱা এক ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বিশাল মেগামাৰ্টৰ ওচৰত বলদেৱ বৰ্মনে যুৱতীগৰাকীক লগ ধৰে।

Advertisment

বলদেৱ বৰ্মনে যুৱতীগৰাকীক বিয়া কৰাম বুলি ভুৱা প্ৰতিশ্ৰুতি দিয়ে আৰু লগ পোৱাৰ পিছতে যুৱতীগৰাকীক ভাড়াঘৰলৈ নিয়ে। যুৱতীগৰাকীক ভাড়াঘৰত তিনি চাৰিদিন আৱদ্ধ কৰি ৰাখি বলদেৱ বৰ্মনে উপৰ্যুপৰি ধৰ্ষণ কৰে।

ইয়াৰ পিছত যোৱা ১০ ফেব্ৰুৱাৰীত মহামায়া মন্দিৰলৈ নি যুৱতীগৰাকীৰ শিৰত সেন্দুৰ পিন্ধায় বলদেৱ বৰ্মনে। শিৰত সেন্দুৰ দিয়াৰ পিছত যুৱতীগৰাকীক ইফাল সিফাল ৰাখি যোৱা ২০ ফেব্ৰুৱাৰীত বলদেৱ বৰ্মনে যুৱতীগৰাকীক লৈ হাৰিয়ানালৈ লৈ যায়।যুৱতীগৰাকীক যমুনানগৰত ভাড়াঘৰত ৰাখি এইবাৰ যুৱতীগৰাকীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে বলদেৱ বৰ্মনে আৰু যুৱতীগৰাকীক বিক্ৰীৰ প্ৰচেষ্টাৰে এগৰাকী ব্যক্তিৰ পৰা আগধন পৰ্যন্ত লয় ।

নিৰবচ্ছিন্ন ভাৱে প্ৰায় ডেৰমাহ ধৰি যুৱতীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ পৰিণিতত যুৱতীগৰাকী অন্ত:সত্বা হয়। যোৱা ২১ মাৰ্চত যুৱতীগৰাকী অন্ত:সত্বা হোৱা বুলি গম পাই বলদেৱ বৰ্মনে ২২ মাৰ্চত তাৰ পৰা পলাই পত্ৰং দিয়ে। বলদেৱ বৰ্মনে হাৰিয়ানাত যুৱতীগৰাকীক এৰি অহাৰ পিছত এগৰাকী অচিনাকী ব্যক্তিয়ে যুৱতীগৰাকীক- ''তুমি যাব নোৱাৰা, তোমাৰ স্বামীয়ে মোৰ পৰা পইচা লৈ গৈছে'' বুলি কোৱাত যুৱতীগৰাকী ভীতিগ্ৰস্ত হৈ পৰে। পাছত যুৱতীগৰাকীয়ে সোণৰ চেইন পৰ্যন্ত উক্ত লোজজনক দি তাৰ কবলৰ পৰা ৰক্ষা পৰে আৰু হাৰিয়ানা আৰক্ষীৰ সহায়ত যোৱা ২৮ মাৰ্চত অসম পায়হি।

উল্লেখ্য যে বলদেৱ বৰ্মনে যুৱতীগৰাকীৰ পৰা ফোন পৰ্যন্ত কাঢ়ি লৈছিল আৰু যুৱতীগৰাকীৰ জমাধন প্ৰায় ১.৫ লাখ টকাও হস্তগত কৰিছিল। প্ৰতাৰক বলদেৱ বৰ্মনৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰি নিৰ্যাতিতা যুৱতীগৰাকীয়ে জীৱন ধ্বংস কৰা বলদেৱ বৰ্মনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কান্দি কান্দি অনুৰোধ জনাইছে। তদুপৰি গৰ্ভত থকা ডেৰমহীয়া সন্তানক লৈও বিপাঙত পৰিছে যুৱতীগৰাকী। ইফালে বলদেৱ বৰ্মনে ইয়াৰ পূৰ্বেও আন এগৰাকী যুৱতীৰ সতে এনে অপকাণ্ড সংঘটিত কৰাৰ অভিযোগ আছে।

Also Read: চাৰিজন সমৰ্থকক লৈ শোণিতপুৰত ৮ লাখ ভোটত জয়ী হোৱাৰ দাবী নিৰ্দলীয় প্ৰাৰ্থীৰ...

কোকৰাঝাৰ অপৰাধ