কোকৰাঝাৰ হত্যাকাণ্ডৰ ৰায়দানঃ হত্যাকাৰীক ১০ বছৰৰ জেল, জৰিমণা

কোৰোনা মহামাৰীৰ সময়ত অৰ্থাৎ ২০২১ চনৰ ১৯ মে'ৰ নিশা কোকৰাঝাৰ চহৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰ হত্যাকাণ্ডৰ ৰায়দানঃ হত্যাকাৰীক ১০ বছৰৰ জেল, জৰিমণা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোৰোনা মহামাৰীৰ সময়ত অৰ্থাৎ ২০২১ চনৰ ১৯ মে'ৰ নিশা কোকৰাঝাৰ চহৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল। হত্যাৰ বলি হোৱা ঠিকাদাৰ শিবু প্ৰসাদ ব্ৰহ্ম(৪৮) হত্যাকাণ্ডৰ আসোমবাৰে ৰায়দান কৰিছে কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।

Advertisment

আজি জিলা আৰু সত্ৰ ন্যায়াধীশৰ নিৰ্মালী তালুকদাৰৰ আদালতে ঠিকাদাৰ শিবু প্ৰসাদ ব্ৰহ্মক হত্যা কৰা কদমতোলাৰ দীপু নাৰ্জাৰীক ১০ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে । জৰিমনা অনাদায়ে অতিৰিক্তভাৱে ছমাহ কাৰাদণ্ড খাটিব লাগিব বুলি আদালতে স্পষ্ট কৰি দিয়ে ।

উল্লেখ্য যে কোৰোনা মহামাৰীৰ সময়তে ২০২১ চনৰ ১৯ মে'ৰ নিশা ১০ বজাত ঠিকা সম্পৰ্কীয় কাম এটাৰ আলোচনাৰ পিছত শিবু প্ৰসাদ ব্ৰহ্মই তেওঁৰ বন্ধু অশোক বড়োক নিজ ঘৰৰ পৰা নঙলামুখলৈ আগবঢ়াই দিবলৈ গৈছিল । ঠিক তেনেতে পাৰিবাৰিক কাজিয়াৰ পৰিণতিত তেওঁৰে এগৰাকী প্ৰতিৱেশী মহিলাই শিবুৰ সহায় বিচাৰি দৌৰি আহে।

মহিলাগৰাকীক সহায় কৰো বুলি শিবুৱে মহিলাগৰাকীৰ সতে কেইমিটাৰমান যাওঁতেই দীপু নাৰ্জাৰী নামৰ এজন যুৱকৰ স'তে মুখামুখি হয় । ইয়াৰ পিছত দীপু নাৰ্জাৰীৰ সতে কথাৰ কটাকটি হোৱাৰ পিছতেই আচম্বিতে ঘাতকজনে পকেটৰ পৰা চুৰি উলিয়াই উপৰ্যুপৰি শিবুক আঘাত কৰে।

শিবুৰ বন্ধু অশোক বড়োই ঘাতকক বাধা দিবলৈ প্ৰচেষ্টা চলোৱাত তেওঁকো চুৰিৰে আঘাত কৰে । দুয়োজনকে ততাতিয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে শিবু প্ৰসাদ ব্ৰহ্মই ক্ষন্তেক পিছতে কৰুণ মৃত্যুক সাৱটি লয় । আনৰ পাৰিবাৰিক কাজিয়া এখন ভাঙিবলৈ গৈ মাথো ১৯ বছৰীয়া যুৱক এজনৰ হাততে কৰুণ মৃত্যুক আঁকোৱালি লোৱা শিবুৰ হত্যাকাণ্ডই সেই সময়ত কোকৰাঝাৰৱাসীৰ অন্তৰাত্মা কপাঁই তুলিছিল আৰু দোষীৰ কঠোৰ শাস্তিৰ পোষকতা কৰিছিল ।

কোকৰাঝাৰ সদৰ থানাত পৰিয়ালে দিয়া গোচৰৰ ভিত্তিত (গোচৰ নং ৩৮০/২০২১) ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি) /৩২৬ /৩০২ মৰ্মে যোৱা দুবছৰে আদালতত বিচাৰ প্ৰক্ৰিয়া চলাৰ অন্তত আজি আদালতে ৰায়দান কৰে আৰু দীপু নাৰ্জাৰীক ১০ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে বুলি সদৰি কৰিছে চৰকাৰী অধিবক্তা (Public Prosecutor) নিৰঞ্জন ৰায়ে । উল্লেখ্য যে আদালতত সৰ্বমুঠ ১৪ গৰাকী সাক্ষীয়ে সাক্ষ্যদান কৰিছিল ।

Also Read: মাদ্ৰাছাত ছাত্ৰক ডিঙি কাটি হত্য়া, গ্ৰেপ্তাৰ ইমাম হাফিজ মউচিন ৰহমান

Assam police