কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত ৰোগীৰ মৃত্যুক লৈ ৰহস্য...

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীৰ আজি ৰহস্যজনকভাৱে মৃত্যু হোৱাত পৰিয়ালৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত ৰোগীৰ মৃত্যুক লৈ ৰহস্য...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীৰ আজি ৰহস্যজনকভাৱে মৃত্যু হোৱাত পৰিয়ালৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিকিৎসাধীন অৱস্থাতে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা ৰোগীজনক ডিমলগাঁৱৰ আৰক্ষী নিৱেশৰ ওচৰৰ ৰবেন ৰায় (৪০) বুলি জানিব পৰা গৈছে ।

Advertisment

ৰবেন ৰায়ৰ মৃত্যু বৰ্তমানলৈকে আত্মহত্যা বুলিয়ে সন্দেহ কৰা হৈছে যদিও প্ৰকৃত তথ্য তদন্তৰ পিছতহে গম পোৱা যাব। ঘটনা সন্দৰ্ভত পৰিয়ালৰ সদস্যই সদৰি কৰা মতে বিভিন্ন বেমাৰত আক্ৰান্ত ৰবেন ৰায়ক চিকিৎসাৰ বাবে তিনিদিনমান পূৰ্বে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।

আজি এটা পৰীক্ষা কৰোৱাৰ পিছতে ৰিলিজ দিয়াৰ কথা আছিল যদিও আজি কাহিলীপুৱাই উক্ত দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। ৰোগী ৰবেন ৰায়ৰ সতে দুগৰাকী এটেনডেণ্ট আছিল যদিও আজি কাহিলিপুৱা তেওঁলোক দুয়োৱে চিলমিলকৈ টোপনী যোৱাৰ সুযোগ গ্ৰহণ কৰি ৰোগী ৰবেন ৰায়ে চিকিৎসালয়ৰ বিচনাৰ পৰা পলায়ন কৰে।

ইফালে টোপনীৰ পৰা সাৰ পোৱাৰ পিছতে এটেনডেণ্ট দুজনে ৰোগীক বিচৰি চলাথ কৰে যদিও ৰোগীৰ সন্ধান লাভ কৰাত ব্যৰ্থ হয়। চিকিৎসাধীন অৱস্থাতে ৰোগী হেৰোৱা বিষয়টোক লৈ হাহাকাৰ লাগে আৰু অৱশেষত হাস্পতালৰ তলত ৰবেন ৰায়ক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয় যদিও ক্ষন্তেক পিছতে মৃত্যুক আকোৱালি লয় ।

সন্দেহ কৰা মতে ৰবেন ৰায়ে গ্ৰীলবিহীন খিৰিকী পাৰ হৈ খিৰিকীৰ ওপৰত থকা কংক্ৰিটৰ স্লেবেৰে খোজকাঢ়ি গৈ থাকোতে স্লেবৰ অন্তিম স্থানৰ পৰা সৰি পৰি মৃত্যুক আঁকোৱালি লৈছে। অৱশ্যে বাহিৰত থকা চিচি কেমেৰা বিকল হৈ থকা বাবে ভিডিঅ' ফুটেজ নথকাত প্ৰকৃত কাৰণ বাহিৰ নহ'ল । 

এয়া প্ৰকৃততে আত্মহত্যা নে দুৰ্ঘটনা সেয়া অদ্যপি পোহৰলৈ অহা নাই। আনহাতে পৰিয়ালৰ লোকে মেডিকেল কলেজৰ দৰে এটা প্ৰতিষ্ঠানত খিৰিকীত গ্ৰীল নথকা, ২৪ ঘণ্টাই চিকিউৰিটিৰ নিৰীক্ষণ নথকা , চি চি কেমেৰা বিকল হৈ থকা আদি বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিকিৎসালয়ত যিহেতু বিভিন্ন ধৰণৰ ৰোগী চিকিৎসাৰ বাবে আহে সেয়ে ৰোগীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে । মৃত ৰবেন ৰায়ে ইহজগতত পত্নী আৰু এগৰাকী ১২ বছৰীয়া সন্তান ইহজগতত এৰি থৈ গৈছে। 

কোকৰাঝাৰ