/asomiyapratidin/media/media_files/2025/05/16/OAuGwElc6oo75GnxMsZG.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ আৰু ধুবুৰী জিলা সংযোগী ভোটগাঁও - কাশিপাৰা পথৰ দুৰৱস্থাই জনসাধাৰণক চৰম অসুবিধাত পেলাইছে। অতি ব্যস্ততম পথটো এজাক বৰষুণতেই বোকা-পানীৰে ভৰি পৰাত উক্ত পথেটি যাতায়ত কৰা গাড়ী-মটৰ, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সামগ্ৰীকভাৱে পথচাৰী ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে।
জনসাধাৰণৰ ব্যাপক অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পথটো শীঘ্ৰে মেৰামতি কৰি দিয়াৰ দাবীত আজি এবিএমছু , আক্ৰাছু , স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে পথৰ ওপৰতেই প্ৰতিবাদ সাৱস্থ্য কৰিছে। উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ পৰা মাথোঁ ৫ কিলোমিটাৰ নিলগৰ সদা ব্যস্ত কোকৰাঝাৰ আৰু ধুবুৰী জিলা সংযোগী ভোটগাঁও-কাশিপাৰা লোকনিৰ্মাণ পথত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে৷
প্ৰকৃততে সেয়া পথ নে পুখুৰী ধৰিবই নোৱাৰি আৰু এজাক বৰষুণতেই পথটো পানীৰে উপচি পৰে আৰু যাৰ ফলত যাতয়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে৷ বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু পথচাৰীৰ যাতায়তৰ বাবে পথছোৱা একেবাৰে অনুপযোগী হৈ পৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই।
প্ৰকৃততে উক্ত পথছোৱা ওচৰতে থকা কালভাৰ্টৰ সমান ওখকৈ নিৰ্মাণ কৰিব লাগিছিল যদিও কৰ্তৃপক্ষই কোনোধৰণৰ অধ্যায়ন নকৰাকৈ পালমৰা ধৰণে কাম কৰাত এতিয়া পথছোৱা পুখুৰী সদৃশ হৈ পৰিছে। তদুপৰি পথৰ দুয়োকাষে কোনো ধৰণৰ ড্ৰেইন নথকাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানতো পানী সোমাই ব্যাপক অসুবিধাৰ সৃষ্টি কৰিছে।
উক্ত পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি সূচল যাতায়াত ব্যৱস্থা কৰি দিয়াৰ দাবীত আজি ভোটগাঁও আৰু কাশিপাৰাবাসী ৰাইজৰ লগতে এবিএমছু, আক্ৰাছু আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি কম সময়ৰ ভিতৰতে পথছোৱা পুণনিৰ্মাণ নকৰিলে পথছোৱা বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে বিটিআৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।
ইপিনে উক্ত পথছোৱা অহা একসপ্তাহৰ ভিতৰতে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি দিয়াৰ দাবী জনাইছে এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল ইছলামে৷ অন্যথা ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ক আগন্তুক বিটিআৰ নিৰ্বাচনত উক্ত এলেকাৰ গাঁওসমূহত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলি ইছলামে সকীয়াই দিছে৷
তদুপৰি পথছোৱাৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক বিশেষ কাৰ্যকাৰী ব্যৱস্থা লবলৈ আহ্বান জনাইছে এবিএমছুৰ সাধাৰণ সম্পাদক জাইদুল ইছলামে ।