/asomiyapratidin/media/media_files/2025/02/20/LvnksyLyDUCHsxsZBX6t.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই সোনাৰিত সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু সংবিধান দাহ কৰাৰ পাছতেই সৰৱ হৈ জিলাই জিলাই প্ৰায় প্ৰতিখন থানাতে টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই ।
কোকৰাঝাৰ-চিৰাং জিলা শাখায়ো কোকৰাঝাৰৰ সদৰ থানা আৰু চিৰাং জিলাৰ বাসুগাঁও থানাত এজাৰ দাখিল কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ কোকৰাঝাৰ-চিৰাং জিলা শাখাৰ সভাপতি অশোক কুমাৰ ভকত আৰু সম্পাদক বলেন চন্দ্ৰ ৰায়ৰ নেতৃত্বত সংঘৰ বাপ-বান্ধৱ, আই-মাতৃ, যুৱ বাহিনী-সেৱা বাহিনীৰ উপস্থিতিত এজাহাৰখন প্ৰদান কৰা হয় ।
আৰক্ষীয়েও এজাহাৰখন গ্ৰহণ কৰি কৰণীয়খিনি কৰাৰ আশ্বাস প্ৰদান কৰে দলটিক । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সেৱকে জাতীয় অনুষ্ঠানটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কৰা কাৰ্যক লক্ষ লক্ষ ভকতে মনত প্ৰচণ্ড আঘাত পাইছে আৰু সমগ্ৰ অসমতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি বিষয়টো গুৰুত্ব সহকাৰে লৈ তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় এজাহাৰখনৰ জড়িয়তে ।