কোকৰাঝাৰত বিপিএফৰ যোগদান পৰ্ব আৰু  শপতগ্ৰহণ অনুষ্ঠান

কোকৰাঝাৰত বিপিএফৰ যোগদান পৰ্ব আৰু শপতগ্ৰহণ অনুষ্ঠান

Published on

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰ হৈ উঠিছে বিপিএফ দল ৷ এনে তৎপৰতাৰ অংশস্বৰূপে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত বুধবাৰে বিপিএফৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । শপত গ্ৰহণ অনুষ্ঠানৰ সতে সংগতি ৰাখি বিভিন্ন দল-সংগঠনসহ বৃহত্তৰ ফকিৰাগ্ৰাম অঞ্চলৰ ৩শতাধিক লোকে বিপিএফ দলত যোগদান কৰে ৷

উল্লেখ্য যে যোগদান কৰাকে ধৰি ইউপিপিএল, বিজেপি আৰু জিএচপি দলৰ পৰা বিগত ৪ দিনত বিপিএফ দলত যোগদান কৰা মুঠ ১০২৬ জন সদস্যই আনুষ্ঠানিকভাবে শপতগ্ৰহণ কৰে । বিপিএফৰ নৱাগত সদস্য সকলক শপত বাক্য পাঠ কৰাই বিপিএফৰ জ্যেষ্ঠ নেতা দেৰহাছাৎ বসুমতাৰীয়ে ৷ ইপিনে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ এক প্ৰশ্নত্তোৰত ফকিৰাগ্ৰাম আৰু দোতমা ব্লকত ইউপিপিএল দল নিচিহ্ন হ'ব বুলি মন্তব্য কৰিছে ।

তদুপৰি আগন্তুক বিটিচি নিৰ্বাচনৰ পিছত বিটিআৰ শব্দটো নাথাকে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মহিলাৰীয়ে কয় যে- আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ জয়লাভ কৰি চৰকাৰ বনোৱাৰ পিছত লাহে লাহে বিটিআৰ শব্দটো নোহোৱা হৈ যাব ৷ কিয়নো আচল চুক্তি বিটিচি হে, বিটিআৰ নহয় বুলি উল্লেখ কৰে মহিলাৰীয়ে। আনহাতে বিটিআৰত বৰ্তমান অধিকাংশই বিটিআৰৰ বাহিৰৰ ঠিকাদাৰে কাম কৰি আছে আৰু যাৰ পৰিণতিত বিটিচিৰ ব্যৱসায় ডাউন হৈছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োই স্থানীয় নিবনুৱাসকলক বঞ্চিত কৰি ৯০ শতাংশ ঠিকাৰ কামেই বিটিচিৰ বাহিৰৰ ঠিকাদাৰক দিয়ে বুলি হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰে।

লোকসভা নিৰ্বাচনত বিপিএফ দলে কাৰো সতে মিত্ৰতা নকৰে বুলি উল্লেখ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয়ী হোৱাটো খাটাং বুলি দাবী কৰে ৷ লোকসভা নিৰ্বাচনৰ তিনিমাহ পূৰ্বে বিপিএফে প্ৰাৰ্থী ঘোষণা কৰিব বুলি সদৰী কৰি ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ভাল মানুহ নহয় বুলি মন্তব্য কৰিছে মহিলাৰীয়ে ।

বিপিএফ দল কংগ্ৰেছৰ নিৰ্দেশত নাচে বুলি ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত্তোৰত হাগ্ৰামাই ৰাজু নাৰ্জাৰী ভাল মানুহ নহয় আৰু তেওঁৰ কথাৰ মই কোনো উত্তৰ নিদিও বুলি কয় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে । বিপিএফৰ এই যোগদান পৰ্ব আৰু শপতগ্ৰহণ অনুষ্ঠানত বিধায়ক ৰবিৰাম নাৰ্জাৰী , বিটিচিৰ বিৰোধী দলপতি তথা পাৰিষদ দেৰহাছাৎ বসুমতাৰী, পাৰিষদ প্ৰকাশ বসুমতাৰী, বিপিএফৰ সাংগঠনিক সম্পাদক ৰেজাউল কৰিম সৰকাৰসহ দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্ব উপস্থিত আছিল ৷

কোকৰাঝাৰত বিপিএফৰ যোগদান পৰ্ব আৰু  শপতগ্ৰহণ অনুষ্ঠান
ললিতকলা অকাডেমিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ অসমৰ শিল্পী প্ৰিয়ম তালুকদাৰলৈ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in