কাহিলী পুৱাই অৱসৰপ্ৰাপ্ত অভিযন্তা, শিক্ষয়িত্ৰীক দাৰে ঘপিয়ালে দুৰ্বৃত্তই...

কাহিলী পুৱাই অৱসৰপ্ৰাপ্ত অভিযন্তা, শিক্ষয়িত্ৰীক দাৰে ঘপিয়ালে দুৰ্বৃত্তই...
কাহিলী পুৱাই অৱসৰপ্ৰাপ্ত অভিযন্তা, শিক্ষয়িত্ৰীক দাৰে ঘপিয়ালে দুৰ্বৃত্তই...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰত বুধবাৰে পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তৰ আক্ৰমণ এগৰাকী অৱৰপ্ৰাপ্ত অভিযন্তাৰ মৃত্যু হোৱাৰ লগতে জীৱন-মৃত্যুৰে যুঁজি আছে আন এগৰাকী মহিলা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীয়ে।

উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ বিধানপল্লীত বুধবাৰে পুৱা প্ৰায় ৫-৩০ বজাৰ পৰা ৬ বজাৰ ভিতৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হয় অৱৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তী (৭২) আৰু তেওঁৰ পত্নী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমতি বেনাৰ্জী (৬৫)।

বেংগালুৰত একমাত্ৰ পুত্ৰ আৰু আমেৰিকাত একমাত্ৰ জীয়ৰী থকাৰ বাবে প্ৰায় অকলশৰীয়া আছিল এই দম্পত্তি। এগৰাকী স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা ভাষ্য অনুসৰি পুৱা ঘৰৰ গেটৰ সন্মুখত বহি আছিল তপন চক্ৰৱৰ্তী। ভিন্নজনক তেওঁ মাত দিছিল। ইয়াৰ কিছু সময়ৰ পাছতে স্থানীয় লোকে হুলস্থুল শুনে আৰু আহি দেখে গেটখন বন্ধ হৈ আছে।

ইফালে বাহিৰত স্থানীয় লোকৰ উপস্থিতিৰ কথা জানিব পাৰি তপন চক্ৰৱৰ্তীয়ে ভিতৰৰ পৰা গেট পাৰ হৈ ঘৰত প্ৰৱেশ কৰিবলৈ কয়। সেই অনুসৰি গেট পাৰ হৈ ঘৰত প্ৰৱেশ কৰাত ৰক্তাক্ত অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰে। তপন চক্ৰৱৰ্তীয়ে স্থানীয় লোকজনৰ হাততে গেটৰ ছাবি গতাই দি সম্পূৰ্ণ ঘটনাৰ বিৱৰণ দিয়ে। তেওঁ 'সিং' নামৰ এজন লোকে তেওঁলোকক আক্ৰমণ কৰা বুলি জনায়। ইয়াৰ কিছু সময়ৰ পাছতে তেওঁ অজ্ঞান হৈ পৰে।

ইফালে তপন চক্ৰৱৰ্তীৰ পুত্ৰৰ এগৰাকী বন্ধুৱে সংবাদ মাধ্যমৰ আগত কয়, ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছতে সেই স্থানলৈ তেওঁ আহিছে। প্ৰথমে ডকাইতি হোৱা বুলি শুনিছিল যদিও আহি গম পাইছে তেওঁলোকক আক্ৰমণ কৰা হৈছ। তেওঁৰ মতে পুৱা ৫-৩০ বজাৰ পৰা ৬ বজাৰ ভিতৰত সংঘটিত হৈছে এই ঘটনা। তেওঁ কয় তপন চক্ৰৱৰ্তীৰ পুত্ৰৰ সৈতে ফোনত কথা পাতিছে।

ইফালে বিধায়ক লৰেঞ্চ ইছলাৰী ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ আগত কয়, ৰাতিপুৱা ৪-৩০ ৰ পৰা ৫ বজাত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু কৃষি বিভাগৰ প্ৰাক্তন বিষয়াক তেওঁৰ ঘৰতে ৰং মিস্ত্ৰী বা মিস্ত্ৰী হিচাপে কাম কৰি থকা এজন লোকে আক্ৰমণ কৰিছে। ফলত তপন চক্ৰৱৰ্তী থিতাতে নিহত হোৱাৰ লগতে তেওঁৰ পত্নীৰ অৱস্থা সংকটজনক। তেওঁক প্ৰথমে এম আৰ এম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পাছত বঙাইগাওঁৰ ল'ৱাৰ আছাম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

লগতে তেওঁ যিহেতু তপন চক্ৰৱৰ্তীয়ে দোষীৰ নাম কৈ গৈছে গতিকে আৰক্ষী প্ৰশাসনক শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনাইছে। ইফালে ঘটনাৰ খবৰ পোৱা মাত্ৰকে তপন চক্ৰৱৰ্তীৰ বাসগৃহত উপস্থিত হয় স্থানীয় আৰক্ষীৰ লগতে জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীও।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আক্ৰমণত ব্যৱহাৰ কৰা এখন দাঁ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় সকলো নমুনা সংগ্ৰহ কৰিছে। স্থানীয় লোকৰ ভাষ্যও সংগ্ৰহ কৰিছে।

কাহিলী পুৱাই অৱসৰপ্ৰাপ্ত অভিযন্তা, শিক্ষয়িত্ৰীক দাৰে ঘপিয়ালে দুৰ্বৃত্তই...
মিছন বি টি আৰঃ মাজবাটত বিশাল বাইক ৰেলী, জনসভাত বিজেপি নেতাৰ ভিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in