/asomiyapratidin/media/media_files/2025/01/16/koCAoctwcQR25JwIRfPs.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথমদিনৰ কাৰ্যসূচী কোকৰাঝাৰৰ বিটিচিত অনুষ্ঠিত হ'ব। কোকৰাঝাৰত প্ৰথমবাৰৰ অনুষ্ঠিত হ'বলগীয়া বাজেট অধিবেশনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত বিধানসভাৰ এটি উচ্চস্তৰীয় প্ৰতিনিধিৰ দলে বিটিচি বিধান পৰিষদ ভৱন আৰু বিটিচি সচিবালয় পৰিদৰ্শন কৰে।
বিধানসভাৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দলটোক সঙ্গ দিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু উচ্চপদস্থ বিষয়াসকলে। প্ৰতিনিধিৰ দলটোৱে বিটিচি বিধান পৰিষদ ভৱন আৰু বিটিচি সচিবালয় পৰিদৰ্শন আৰু ব্যৱস্থাপনা পৰ্যবেক্ষণ কৰি সন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰোপৰি প্ৰতিনিধিৰ দলটোৱে উচ্চপদস্ত আৰক্ষী বিষয়াৰ সতে নিৰাপত্তা সন্দৰ্ভত এক বৈঠকত অংশগ্ৰহণ কৰে আৰু কেতবোৰ নিৰ্দেশনা দিয়ে।
ইপিনে বিটিচি বিধান পৰিষদ ভৱন আৰু বিটিচি সচিবালয় পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ বাজেট অধিবেশন কোকৰাঝাৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেইমতে আজি সকলো ব্যৱস্থাপনা সন্দৰ্ভত নিজেই বুজ লয়। বিটিচিৰ ব্যৱস্থাপনাৰ ওপৰত সন্তোষ প্ৰকাশ কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে, ৰাজ্যপালৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিবেশন আৰম্ভ হ'ব যত মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কসকল উপস্থিত থাকিব। বাজেট অধিবেশনত ষষ্ঠ অনুসূচীৰ উন্নয়ন সন্দৰ্ভত চৰকাৰৰ ভূমিকাক লৈ আলোচনা আৰু বিতৰ্ক অনুষ্ঠিত হ'ব বুলিও সদৰি কৰিছে বিশ্বজিৎ দৈমাৰীয়ে।
আনহাতে অসম বিধানসভাৰ বাজেট অধিবেশন সন্দৰ্ভত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে, ১৭ ফেব্ৰুৱাৰীৰ দিনটো আমাৰ বাবে ঐতিহাসিক দিন বুলি বিবেচিত হ'ব। দিছপুৰৰ পিছত কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিবেশনে অঞ্চলটোত যে স্থায়ী শান্তিৰ বাতাবৰণ বৈছে তাকে প্ৰমান কৰে আৰু এই শান্তি আৰু নিৰাপত্তা যাতে স্থায়ীত্ব লাভ কৰে তাকে কামনা কৰি প্ৰমোদ বড়োৱে দীৰ্ঘদিনীয়া ভাতৃঘাতী সংঘৰ্ষ, জাতিগত সংঘাতৰ পিছত এয়া ধনাত্মক দিশ আৰু ইয়ে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই নিব বুলি আশা প্ৰকাশ কৰিছে।
তদুপৰি ষষ্ঠ অনুসূচী সন্দৰ্ভত বিধানসভাৰ বাজেট অধিবেশনত আলোচিত হ'বলগীয়া বিষয়টো আমাৰ বাবে ডাঙৰ কথা বুলি মন্তব্য কৰি ১৭ ফেব্ৰুৱাৰীৰ দিনটোলৈ অধীৰ অপেক্ষাৰত বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। আনহাতে অহা ২৭ জানুৱাৰীত বিটিআৰ চুক্তি দিৱস উদযাপন কৰা হ'ব আৰু বিটিচিৰ প্ৰতি জিলা সদৰত শান্তি সমদল বাহিৰ কৰা হ'ব বুলি মন্তব্য কৰি উক্ত দিনাই বডোফা সাংস্কৃতিক প্ৰকল্পত বিভাগীয় পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।
আনহাতে বিটিআৰ চুক্তি দিৱসৰ কাৰ্যসূচীৰ অংশস্বৰূপে দ্বিতীয়দিনা অৰ্থাৎ অহা ২৮ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত এক বিশাল জনসভা অনুষ্ঠিত হ'ব আৰু বিটিচিৰ কাৰ্যবাহী সদস্য, নিৰ্বাচিত সদস্যৰ বাবে হৰিণাগুৰীতু নৱনিৰ্মিত আৱাসগৃহ মুকলি কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।