/asomiyapratidin/media/media_files/2025/04/16/qbCCTcADO9orel0JbmAq.jpg)
ডিজিটেল সংবাদ বাগানপাৰাঃ বাক্সা জিলাৰ অন্তৰ্গত বিটিচিৰ বাগানপাৰা সমষ্টিৰ এম চি এল এ তথা বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে বৈশাগু উপলক্ষে ৰাইজৰ মাজত কেইবাবিধো বড়ো বাদ্য বিতৰণ কৰে। বাগানপাৰা অঞ্চলৰ বড়ো জনগোষ্ঠীয় ৰাইজৰ মাজত ১ ব’হাগৰ পৰাই তেওঁ এই বাদ্যসমূহ বিতৰণ কৰিছে।
জানিব পৰা মতে তেওঁ মুঠ ১৩৫ বিধ বড়ো পৰম্পৰাগত বাদ্য ৰাইজৰ মাজত বিতৰণ কৰিছে। উল্লেখ্য যে, বিগত ব’হাগতো তেওঁ ৰাইজৰ মাজত হাৰমনিয়াম আৰু খাম বিতৰণ কৰিছিল। এইবাৰ তেওঁ বড়ো জনগোষ্ঠীয় লোকসকলে আৰোজ (প্ৰাৰ্থনা) কৰা সময়ত বজাবলৈ খামবোৰ বিতৰণ কৰা বুলি জনাইছে।
আৰোজ হানজা (প্ৰাৰ্থনা কৰা দল) বোৰে খামবোৰ নিবলৈ ১ ব’হাগৰ পৰা তেওঁৰ বাসগৃহ বাগানপাৰাত ভিৰ কৰা দেখা গৈছে।