কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়ঃ পিতৃ, মাতৃসহ পুত্ৰক ৭ বছৰৰ কাৰাদণ্ড...

বোৱাৰীক যৌতুক দাবী আৰু আত্মহত্যাৰ বাবে প্ৰৰোচিত গোচৰত এই ৰায়

author-image
Asomiya Pratidin
New Update
প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডঃ ৫ অভিযুক্তক নিৰ্দোষী ঘোষণা

কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়ঃ পিতৃ, মাতৃসহ পুত্ৰক ৭ বছৰৰ কাৰাদণ্ড...

ডিজিটেল সংবাদ চিৰাং: আজি চিৰাং জিলাৰ কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতে বোৱাৰীক যৌতুক দাবী কৰাৰ লগতে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অপৰাধত অভিযুক্ত শহুৰ -শাহু আৰু স্বামীক মুঠ ৭ বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে গাইপতি দহ হেজাৰ টকা জৰিমনাৰ ৰায়দান কৰে। কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ চন্দ্ৰাংশু চতুৰ্বেদীৰ আদালতে কাৰাদণ্ডৰে দণ্ডিত কৰা অভিযুক্ত আচামীসকল ক্ৰমে শহুৰ জেলহক আলী, শাহু ছালেমা বিবি আৰু স্বামী জহৰ আলী শ্বেখ।

এই সমগ্ৰ গোচৰটোৰ সন্দৰ্ভত চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়- চিৰাং জিলাৰ বাসুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিলপাট গাঁৱৰ বাসিন্দা জেলহক আলী আৰু ছালেমা বিবিৰ পুত্ৰ জহৰ আলীয়ে তেওঁৰ পত্নী জেচমিনা খাতুনক যৌতুক বিচাৰি প্ৰায়ে অমানুষিক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। পুতেকৰ এই দুষ্কাৰ্যত সমানে সহযোগ কৰিছিল পিতৃ, মাতৃয়ে। শহুৰ-শাহু আৰু স্বামীয়ে যৌতুক বিচাৰি কৰা এনে শাৰীৰিক মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি যোৱা ২০২২ চনৰ ৭ আগষ্ট তাৰিখে জেছমিনা খাতুনে চিপজৰী লৈ আত্মহত্যা কৰে ।

পৰবৰ্তী সময়ত মৃত বোৱাৰীগৰাকীৰ পিতৃ ছিকান্দাৰ আলীয়ে যৌতুক বিচাৰি জীয়ৰীক শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰ লগতে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰি বাসুগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিতে বাসুগাঁও থানাৰ আৰক্ষীয়ে দুমাহৰ ভিতৰত তদন্ত সমাপ্ত কৰি অভিযোগ নামা দাখিল কৰে।

আজি দেৰ বছৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতে তিনি আচামীক সাত বছৰৰ কাৰাদণ্ড বিহে লগতে দহ হেজাৰ টকাকৈ জৰিমনা বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ কাৰাদণ্ডৰ ৰায়দান কৰে।

Also Read: খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সাঁতোৰত উত্তৰা গগৈৰ ব্ৰঞ্জ লাভ...

কাজলগাঁও সত্ৰ ন্যায়াধীশ