নাম ঘোষণাৰ পাছতে মুছলপুৰত জয়ন্ত বসুমতাৰী

নাম ঘোষণাৰ পাছতে মুছলপুৰত জয়ন্ত বসুমতাৰী

author-image
Asomiya Pratidin
New Update
নাম ঘোষণাৰ পাছতে মুছলপুৰত জয়ন্ত বসুমতাৰী

ডিজিটেল সংবাদ,বাক্সা : কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলে জয়ন্ত বসুমতাৰী নাম ঘোষণা কৰাৰ পাছতে শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হয় প্ৰাৰ্থীগৰাকী। ইউ পি পি এল দলৰ কৰ্মকৰ্তাসকলৰ উপৰি বিজেপি আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তা সৈতে মিলিত হয় প্ৰাৰ্থীগৰাকী।

Advertisment

ইউ পি পি এল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হোৱাৰ পাচতে মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকলে আদৰণি জনায়। উপস্থিত হৈয়ে জয়ন্ত বসুমতাৰীয়ে এইবাৰ কোকৰাঝাৰত ইউ পি পি এল মিত্ৰজোঁটৰ হৈ তেওঁ বিপুল সংখ্যক ভোটত বিজয়ী হ'ব বুলি মন্তব্য প্ৰদান কৰে।

ইয়াৰোপৰি কোকৰাঝাৰ সমষ্টিত ইউ পি পি এল দলে ৭০ শতাংশ ভোট পাব বুলিও বসুমতাৰীয়ে মন্তব্য কৰে। প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া সন্দৰ্ভত মন্তব্য কৰি কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে এইবাৰ সাংসদগৰাকীয়ে ভোট কমকৈ লাভ কৰিব।

আনহাতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ বৰ্তমান অৱস্থা নাজল-নাথল বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইফালে বিটিআৰত স্থায়ী শান্তি স্থাপনৰ লক্ষ্যৰে ৰাইজৰ ওচৰলৈ যাব বুলি জানিবলৈ দিয়ে। সেইদৰে ৰাজু নাৰ্জাৰীৰ পদত্যাগে নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে বুলি প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে উল্লেখ কৰে।

Also Read: কাইলৈ ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন

loksabha election kokrajhar baksa