বাসুগাঁও পৌৰসভাত সপ্তাহিক বজাৰৰ নিবিদাক লৈ অনিয়মঃ পৌৰপতিক ঘেৰাও কৰি জবাবদিহি

বাসুগাঁও চহৰৰ সাপ্তাহিক বজাৰৰ নিবিদা আবন্টনৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আজি বিয়লিৰ ভাগত বাসুগাঁও পৌৰসভাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
বাসুগাঁও পৌৰসভাত সাপ্তাহিক বজাৰৰ নিবিদাক লৈ অনিয়মঃ পৌৰপতিক ঘেৰাও কৰি জবাবদিহি

ডিজিটেল সংবাদ, চিৰাংঃ বাসুগাঁও চহৰৰ সাপ্তাহিক বজাৰৰ নিবিদা আবন্টন কৰাৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আজি বিয়লিৰ ভাগত বাসুগাঁও পৌৰসভাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । মুকলি নিবিদা আহ্বান কৰাৰ পিছতো নিবিদাকাৰীক আবন্টন কৰাৰ নামত ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ বাসুগাঁও পৌৰসভাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত পৌৰপতি সাধন মণ্ডলক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ নিবিদাকাৰীসকলে।

Advertisment

আজি প্ৰতিবাদ সাব্যস্ত কৰা নিবিদাকাৰীসকলৰ অভিযোগ বাসুগাঁও পৌৰসভা কৰ্তৃপক্ষ সাপ্তাহিক বজাৰ আৰু পশু বজাৰৰ বাবে এইবেলি মুকলি নিবিদাৰ আহ্বান কৰিছিল। সেই মৰ্মে কেইবাগৰাকী লোকে নিবিদা দাখিল কৰিছিল।

বাসুগাঁও পৌৰসভা কৰ্তৃপক্ষই কেৱল ডেইলী বজাৰৰ নিবিদাকাৰীক সঠিক ভাবে নিৰ্বাচিত কৰাৰ বিপৰীতে সাপ্তাহিক পশু বজাৰ আৰু সাপ্তাহিক বজাৰৰ নিবিদাকাৰী বাছনি কৰাক লৈ ব্যাপক অনিয়ম সংঘটিত কৰি আছে বুলি অভিযোগ কৰে। বিশেষকৈ সাপ্তাহিক পশু বজাৰৰ বাবে সৰ্বোচ্চ মূল্য বা তাতকৈ সামান্য কম মূল্য নিৰ্ধাৰণ কৰা নিবিদা দাখিল কৰাসকলক বঞ্চিত কৰি সম্পূৰ্ণ নিয়ম বৰ্হিভূতভাবে সৰ্বনিম্ন মূল্য নিৰ্ধাৰণ কৰা নিবিদাকাৰী এজনক বাছনি কৰে ।

এনেধৰনৰ অভিযোগ উত্থাপন কৰি আজি পৌৰপতি সাধন মণ্ডলক প্ৰৱেশ দ্বাৰৰ সন্মুখত আগচি ধৰি জবাবদিহি কৰিবলৈ আৰম্ভ বঞ্চিত নিবিদাকাৰীসকলে। খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকসকলে পৌৰপতি সাধন চন্দ্ৰ মণ্ডলৰ পৰা সবিশেষ জানিব বিচৰাত তেখেতে কয় যে বাসুগাঁও পৌৰসভা ডেইলী বজাৰ আৰু সাপ্তাহিক বজাৰ লগতে পশু বজাৰৰ বাবে মুকলি নিবিদাৰ আহ্বান কৰা হৈছিল। 

সেইমৰ্মে আমি ডেইলী বজাৰৰ বাবে আমি লেচী বাচনি কৰিলোঁ । কিন্তু সাপ্তাহিক বজাৰৰ বাবে তিনিখন নিবিদাৰ পৰিবৰ্তে মাত্ৰ দুখন নিবিদা পত্ৰ জমা হোৱাৰ বাবে আমি নিয়ম অনুসৰি বাতিল কৰি আকৌ নতুনকৈ নিবিদা আহ্বান কৰোঁ । তাৰ বিপৰীতে সাপ্তাহিক পশু বজাৰ নিবিদাকাৰী সকলৰ পৰা সৰ্বনিম্ন মূল্য নিৰ্ধাৰণ কৰা নিবিদাকাৰী জনক বিটিচিৰ পৌৰ উন্নয়ন বিভাগৰ কাৰ্য্যবাহী সদস্য ছাইখং বসুমতাৰীৰ লিখিত নিৰ্দেশত বাচনি কৰা হৈছে। ইয়াত বাসুগাঁও পৌৰসভা কৰ্তৃপক্ষৰ কোনো হাত নাই বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে ।

আনহাতে সাপ্তাহিক বজাৰৰ বাবে নতুনকৈ নিবিদা আহ্বান কৰা হৈছিল যদিও নিবিদাকাৰীসকলে যি মূল্য নিৰ্ধাৰণ কৰিছে সেয়া বিগত বছৰৰ তুলনাত বহু কম বুলি কৈ বিটিচিৰ উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰি তৃতীয় বাৰৰ বাবে নিবিদা আহ্বান কৰা হৈছে।  কিন্তু পৌৰপতি সাধন চন্দ্ৰ মণ্ডলৰ এই সিদ্ধান্ত নিবিদাকাৰীসকলে মানি ল'ব পৰা নাই ।

নিবিদাকাৰীসকলৰ অভিযোগ এয়া বাসুগাঁও পৌৰসভাৰ সভাপতি আৰু বিটিচিৰ কাৰ্য্যবাহী সদস্যগৰাকীৰ গোপন বুজাবুজিৰ বাবে এইবোৰ অনিয়ম সংঘটিত হৈছে । নিবিদাকাৰীসকলে কয় যে, যোৱা বছৰ যিসকলে সাপ্তাহিক বজাৰৰ নিবিদা লাভ কৰিছিল তেওঁলোকে লোকচান ভৰি পৌৰসভাক ৰাজহ আদায় দিব লগা হৈছিল ।

কাৰণ বাসুগাঁৱৰ সাপ্তাহিক বজাৰৰ ৰাজহ সংগ্ৰহ পূৰ্বৰ দৰে নহয় যাৰ কাৰণে বাধ্য হৈ কম মূল্যত নিবিদা দাখিল কৰা হৈছে। মুঠৰ ওপৰত বাসুগাঁও পৌৰসভাৰ সাপ্তাহিক বজাৰৰ নিবিদাক কেন্দ্ৰ কৰি এক পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবে দুগৰাকী নিবিদাকাৰীয়ে বাসুগাঁও পৌৰসভা কৰ্তৃপক্ষৰ বিৰুদ্ধে আদালতৰ শৰণাপন্ন হৈছে বুলি জানিব পৰা গৈছে ।

বাসুগাওঁ চিৰাং