/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8b4e5453-bdc5-4473-b24c-ed6632d804de/382.jpg)
শান্তিপুৰ নিজলাগুৰীত বনৰীয়া হাতী
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকা দ্ৰুত গতিত বনাঞ্চল ধ্বংস হোৱাৰ পিছত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । তাৰ মাজতে মঙলবাৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত ওলাই অহা এই বৃহৎ আকাৰৰ বনৰীয়া হাতীৰ জাক সম্প্ৰতি নিজলাগুৰী এলেকাতে অৱস্থান কৰি থকাৰ খবৰ ওলাইছে।
হাতীৰ জাকটোৱে এতিয়ালৈকে গাঁৱবাসীৰ বিশেষ ক্ষয়ক্ষতি কৰা নাই যদিও সীমান্ত এলেকাত দীৰ্ঘদিনৰ মূৰত এই বৃহৎ সংখ্যক হাতীৰ জাকটোক দেখি অঞ্চলটোত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে । সৰু ডাঙৰ মিলি প্ৰায় অৰ্ধ শতাধিক হাতীৰ জাকটোৱে সোমবাৰে পাটাবাৰী এখন চৰকাৰী বিদ্যালয়ৰ ৰান্ধনীঘৰৰ পকীবেৰ ভাঙি চাউল খাই তহিলং কৰিছিল বুলি জানিব পৰা গৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c7944a8d-dbff-481a-b862-91595d8e097f/fe0058e7-6fe7-41ec-bdc7-f7b52abb46a7.jpg)
বনৰীয়া হাতীৰ জাকটোৰ দ্বাৰা যাতে অঞ্চলটোৰ কোনো গঞাৰ যাতে ক্ষয়-ক্ষতি নহয় তাৰ বাবে বনবিভাগৰ লোকক খবৰ দিয়া হৈছে । খবৰ লাভ কৰি ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ বনবিভাগৰ লোক এলেকাত উপস্থিত হৈ বনৰীয়া হাতীৰ জাকটোক নিৰীক্ষণ কৰি থকাৰ লগতে হাতীৰ জাকটোক পুনৰ জংঘলত খেদি পঠিওৱাৰ প্ৰচেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে ।
Also Read: বিতৰ্কত হাটশিঙিমাৰী জিলা চিকিৎসালয় : সন্তান সাল-সলনি কৰাৰ অভিযোগ