ওৰাঙত ১৩৬.৪৩ কেজি ভাং জব্দঃ বিলাসী বাহনসহ দুজনক আটক...

ওৰাঙত ১৩৬.৪৩ কেজি ভাং জব্দঃ বিলাসী বাহনসহ দুজনক আটক...

author-image
Asomiya Pratidin
New Update
ওৰাঙত ১৩৬.৪৩ কেজি ভাং জব্দঃ বিলাসী বাহনসহ দুজনক আটক...

ওৰাঙত ১৩৬.৪৩ কেজি ভাং জব্দঃ বিলাসী বাহনসহ দুজনক আটক...

ডিজিটেল সংবাদ ওৰাং: ওৰাং আৰক্ষী থানাৰ সন্মুখত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত ১৩৬.৪৩ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয়। অৰুণাচল প্ৰদেশৰ পৰা মাজবাট অভিমুখে অহা বিলাসী চাফাৰী বাহনখনৰ পৰা জব্দ কৰা হৈছে এই ভাংখিনি।

Advertisment

ভাং সৰবৰাহত ব্যৱহাৰ হোৱা চাফাৰীখনৰ নম্বৰ WB743251। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নেতৃত্বত চলা এই তালাচী অভিযানত ভাংখিনি জব্দ হোৱাৰ পাছতে আৰক্ষীয়ে বাহনসহ সকলো জব্দ কৰিছে। ইয়াৰোপৰি আটক কৰিছে মাজবাটৰ ডিমাচাং গাৱঁৰ সমলা দৈমাৰীৰ পুত্ৰ ৰিজয় দৈমাৰী (২৭) আৰু মগৰ দৈমাৰীৰ পুত্ৰ সৌমখৌ দৈমাৰীক (২৮) ।

উল্লেখযোগ্য যে ভাং সৰবৰাহ কৰা এই বাহখন আৰক্ষীয়ে তালাচীৰ সময়ত ৰখাবলৈ নিৰ্দেশ দিছিল যদিও প্ৰথমে আৰক্ষীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।

Also Read: হঠাৎ অসুস্থ মন্ত্ৰী পীযুষ হাজৰিকাঃ দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে গৈছিল তিতাবৰলৈ...

ওৰাং অসম আৰক্ষী