/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0ddb64e9-0443-4dcf-b892-23461bff9a68/43.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলা সদৰ কাজলগাঁৱৰ সমীপৰ পশ্চিম বিলাসপুৰত চোৰাং তেলৰ ঘাটিত চিৰাং আৰক্ষী আৰু অসামৰিক যোগান বিভাগে যৌথ অভিযান চলায় । বুধবাৰে সন্ধিয়াৰ ভাগত চলোৱা এই অভিযানত এটা চোৰাং তেলৰ ঘাটি উৎখাত কৰাৰ লগতে বুজন পৰিমানৰ চোৰাং কৈ মজুত কৰি ৰখা ভেজাল পেট্ৰল আৰু ডিজেল জব্দ কৰে ।
প্ৰাপ্ত খবৰ অনুযায়ী আজি গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত সন্ধিয়া ৬ বজাত কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত কাকতিৰ নেতৃত্বত আৰু জিলা অসামৰিক যোগান বিভাগে যৌথভাৱে অভিযান চলায়। এই অভিযানত কাজলগাঁও থানাৰ অন্তৰ্গত পশ্চিম বিলাসপুৰৰ মুন্নাফ আলীৰ বাসগৃহত দীৰ্ঘদিনৰ পৰা ভাই ভাই হাৰ্ডৱেৰ নামৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ আঁৰত স্থাপন কৰা চোৰাং তেলৰ ঘাটি উৎখাত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/31460c79-a4cc-4c0f-a49b-9c9d221c7916/00e271c1-288d-4d29-b247-eedaf116c111.jpg)
অভিযানকালত ঘাটিটোত অবৈধভাৱে মজুত কৰি ৰখা বুজন পৰিমানৰ চোৰাং পেট্ৰল আৰু ডিজেল জব্দ কৰে লগতে চোৰাং তেল সৰবৰাহৰ কামত ব্যৱহৃত ৫০ টাকৈ প্লাষ্টিকৰ তেলৰ ড্ৰাম জব্দ কৰে। জানিব পৰা মতে আজি উৎখাত হোৱা চোৰাং তেলৰ ঘাটিটোত পেট্ৰল আৰু ডিজেল ভেজাল কৰি এটা চক্ৰই জিলাখনৰ বিভিন্ন এলেকাত সৰবৰাহ কৰি আছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/74ca69e3-4bc8-4dde-9610-1f32e17ae090/ead1dec7-8202-4b83-8404-930740fa9375.jpg)
চোৰাং তেলৰ ঘাটিটোত অভিযান চলাইবলৈ যোৱা দলটোক দেখি দুষ্ট চক্ৰটোৰ সৈতে জড়িত লোকসকল তাৰ পৰা পলাই পত্ৰং দিয়ে । যাৰ কাৰণেই অভিযানকাৰী দলটোৱে চোৰাং তেলৰ ঘাটিটোৰ পৰা কোনো এজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নহ'ল ।
কিন্তু উক্ত চোৰাং তেলৰ ঘাটিটোত কোন কোন লোক জড়িত হৈ আছে এই সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰিছে। অৱশ্যে পৰৱৰ্তী সময়ত এই উৎখাত কৰা চোৰাং তেলৰ ঘাটিটোৰ সৈতে জড়িত লোকসকলক আৰক্ষীয়ে আটক বা গ্ৰেপ্তাৰ কৰে নে নকৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যণীয় হ'ব ।