/asomiyapratidin/media/media_files/2025/04/11/RUe8CR3zVGa6vFHZ4buC.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিগত ২০২৩ আৰু ২০২৪ বৰ্ষত ছাত্ৰ ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰ তালিকাত প্ৰথম স্থান দখল কৰিছিল চিৰাং জিলা । কিন্তু এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হাৰৰ তালিকাত চিৰাং জিলাৰ স্থান অৱনমিত হয় একাদশ স্থানলৈ।
ধাৰাবাহিক ভাবে দুটা বছৰ প্ৰথম দখল কৰি ৰখা চিৰাং জিলা এই কিয় একাদশ স্থানলৈ অৱনমিত হ'ল এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে হয় বিগত দুটা শিক্ষাবৰ্ষত আমি চিৰাং জিলা হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হাৰৰ তালিকাত প্ৰথম দখল কৰিবলৈ সক্ষম হৈছিলো কিন্তু এইবেলি আমি আমাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ হব নোৱাৰিলো ।
আমি জিলা শিক্ষা বিভাগৰ ভাল ফলাফল দেখুৱাবলৈ চেষ্টা কৰিছিলো কিন্তু সফল হ'ব নোৱাৰিলো । এইবেলি সমগ্ৰ ৰাজ্যতে উত্তীৰ্ণৰ হাৰ আশানুৰূপ হোৱা নাই । মানুহৰ জীৱনত যিদৰে উত্থান পতন থাকে ঠিক সেইদৰে আমাৰ ক্ষেত্ৰতো হৈছে । তাৰ মাজতেও আমি সুখী অসমৰ ৩৩ খন জিলাৰ ভিতৰত আমি একাদশ স্থানত আছো ।
অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিব নোৱাৰিলেও বিটিআৰৰ চাৰিওখন জিলাৰ ভিতৰত উৰ্ত্তীণৰ ৭৪.৪৪ শতাংশ লৈ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছো বুলি সন্তুষ্টি প্ৰকাশ কৰে। কিন্তু চিৰাং জিলা হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থানৰ পৰা আমাৰ উত্তীৰ্ণৰ হাৰ কিয় একাদশ স্থানলৈ অৱনমিত হ'ল সেই সন্দৰ্ভত আগলৈ সমূহ শিক্ষানুষ্ঠানৰ মুৰব্বী সকলৰ সৈতে বৈঠকত অনুষ্ঠিত কৰি পৰ্য্যালোচনা কৰা হব বুলি বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীয়ে জানিবলৈ দিয়ে ।