মোৰ কাৰ্যকালৰ আটাইতকৈ যুগান্তকাৰী দিন কোকৰাঝাৰত বিধানসভা অনুষ্ঠিত হোৱাটোঃ হিমন্ত বিশ্ব শৰ্মা

ৰাজধানীৰ বাহিৰত প্ৰথম বাৰৰ বাবে বিধানসভাৰ অধিবেশনখন অনুষ্ঠিত হোৱাটো এক সোণালী অধ্যায় হৈ ৰ’ব৷ কোকৰাঝাৰত বিধানসভা অনুষ্ঠিত হোৱাটো মোৰ কাৰ্যকালৰ মোৰ আটাইতকৈ যুগান্তকাৰী দিন।

author-image
Asomiya Pratidin
New Update
মোৰ কাৰ্যকালৰ আটাইতকৈ যুগান্তকাৰী দিন কোকৰাঝাৰত বিধানসভা অনুষ্ঠিত হোৱাটোঃ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ''আজিৰ দিনটো অসমৰ ইতিহাসৰ এক যুগান্তৰকাৰী দিন। ১৯৮৫ চনৰ পৰা আজিলৈকে বড়ো ভূমিত কোনো এজনো মুখ্যমন্ত্ৰীয়ে নিশা কটোৱা নাছিল ৷  আজি ৰাজধানীৰ বাহিৰত পোন প্ৰথম বাৰৰ বাবে বিধানসভাৰ অধিবেশনখন অনুষ্ঠিত হোৱাটো এক সোণালী অধ্যায় হৈ ৰ’ব৷ কোকৰাঝাৰত বিধানসভা অনুষ্ঠিত হোৱাটো মুখ্যমন্ত্ৰী কাৰ্যকালৰ মোৰ আটাইতকৈ উল্লেখনীয় যুগান্তকাৰী দিন।''

Advertisment

কোকৰাঝাৰত আজি অনুষ্ঠিত হোৱা অসম বিধানসভা অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। তেওঁ আৰু কয়,  বি টি আৰত বি পি এফ, ইউ পি পি এল, বড়ো সাহিত্য সভা, এবছুৰ নেতৃবৃন্দই কৰা অশেষ পৰিশ্ৰম, কষ্টৰ বাবে আজি সাফল্যৰ মুখ দেখিবলৈ পাইছে ৷ আজি বড়োসকলে পৃথক বড়ো ৰাজ্যৰ দাবী পৰিহাৰ কৰি একমাত্ৰ শান্তিৰ বাবে যেনেদৰে চুক্তি স্বাক্ষৰ কৰিছে তেনেদৰে অনাবড়োসকলেও উন্নয়নৰ স্বাৰ্থত একেলগে সহবাস কৰি আছে।

যিসময়ত কোকৰাঝাৰত মানুহ আহিবলৈ ভয় কৰিছিল আজি সেই কোকৰাঝাৰত বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰি এক ইতিহাস সৃষ্টি কৰিলে ৷ আজি চাৰি বছৰ আগত এই কথা কোনেও কল্পনাই কৰিব পৰা নাছিল ৷ আজি এই অধিবেশনৰ জৰিয়তে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নাম স্মৰণ কৰি বডোফাই নিজৰ পিচছৰা জাতিটোৰ সাহিত্য,সংস্কৃতি,সামাজিক,অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰৰ বাবে জাতিটোক আগুৱাই নি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে ইয়াৰ বাবে নেতাগৰাকীক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

দোতমাত থকা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধি ৰাজ্যিক মৰ্যদাৰে নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰি সাংস্কৃতিক বিভাগক ইয়াৰ দায়িত্ব দিয়া হ’ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰতি বছৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো অৰ্থাৎ ৩১ ডিচেম্বৰ দিনটো ৰাজ্য চৰকাৰে তেওঁৰ সমাধিস্থলীত উদযাপন কৰিব বুলি কয় ৷

বড়ো সকলোৰ উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰে সৰ্বতো প্ৰকাৰে সহায় কৰিব কিন্তু ইয়াৰ বিপৰীতে বি টি আৰত থকা অনাবড়ো সকলোৰ ৰাজনৈতিক, সামাজিক দায়িত্ব বি টি আৰৰ নেতৃবৃন্দই ল’ব লাগিব বুলি উল্লেখ কৰে। বড়ো- অনাবড়োসকলে একেলগে সমিলমিলেৰে কাম কৰিলেহে এই অঞ্চলটো আটাইতকৈ উন্নয়নশীল বিকশিত অঞ্চল হিচাপে চিহ্নিত হ’ব ৷

বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিধান সভাৰ মজিয়াত অসমীয়া ভাষাৰ গৰিমাৰ বিষয়ে কোৱাটো এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰে ৷ আনপিনে বিগত দুটা বছৰত পথ উন্নয়নৰ কাৰনে এহেজাৰ কোটি টকা দিয়াৰ কথা উল্লেখ কৰি আজি বিধানসভাৰ মজিয়াত বিটিআৰৰ পথ উন্নয়নৰ কাৰণে পাঁচশ কোটি টকা, কাৰ্বিআংলঙৰ কাৰনে দুশ কোটি আৰু ডিমাহাচাওৰ কাৰনে এশ কোটি টকা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷

আজি বড়োভূমিত এই বিধানসভাখন অনুষ্ঠিত কৰি নৱপ্ৰজন্মক উপহাৰ দিয়া বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  ৷

কোকৰাঝাৰ ড০ হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভা