/asomiyapratidin/media/media_files/2024/12/04/Oa0Db37c64iG7WnDWu7s.jpg)
ডিজিটেল সংবাদ, ওৰাং:- ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অন্তঃগাঁথনি উন্নীতকৰণ আৰু গুণগত মানসম্পন্ন সেৱা সুনিশ্চিত কৰাৰ লক্ষৰে ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই স্বাস্থ্য সেৱা উৎসৱ ৫ ডিচেম্বৰলৈ অব্যাহত থাকিব।
ৰাজ্যৰ আন জিলাৰ লগতে ওদালগুৰি জিলাতো ৩ ডিচেম্বৰত স্বাস্থ্য সেৱা উৎসৱৰ শুভাৰম্ভণি হয়। ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাগৃহত আয়োজিত এক গম্ভীয্যপূৰ্ণ অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰীয়ে এই উৎসৱ শুভাৰম্ভ কৰে।
/asomiyapratidin/media/media_files/2024/12/04/e8VuIej6pXM0joXlSDiB.jpeg)
উদ্বোধনী অনুষ্ঠানত বাহ্যিক মূল্যায়ক মান নিৰ্ধাৰণকাৰীসকলক উষ্ণ আদৰণি জনোৱা হয়। এই উৎসৱত ওদালগুৰি জিলাৰ ৫০ খন চিকিৎসালয়ৰ ভিতৰত ৩ ডিচেম্বৰত ওৰাং সামুহিক স্বাস্থ্য কেন্দ্ৰতো চিকিৎসালয়ৰ মূল্যায়ন কৰা হয়।
ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত ডি কিউ চি এ (এন ইএচ এম) ডাঃ মুক্তামালা ব্ৰহ্ম আৰু ওদালগুৰি জিলা পৰিবহন বিষয়া অপূৰ্ব তালুকদাৰে বাহ্যিক নিৰ্ধাৰণকাৰী হিচাপে মূল্যাংকণ কৰে। বাহ্যিক মূল্যায়ক বিষয়াই
সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য আৰু সদমূহিক চিকিৎসালয়ৰ সকলো বিভাগসমূহ পৰিদৰ্শন কৰাৰ লগে পৰ্য্যবেক্ষণ আদি মূল্যায়ণ কৰি স্বাস্থ্য সেৱা উৎসৱটিত 'এ' গ্ৰেড প্ৰদান কৰে।
/asomiyapratidin/media/media_files/2024/12/04/xIGKuwpgoE70H6se0ozA.jpeg)
কেন্দ্ৰটোৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ জ্যোতি কুমাৰ নাথ, চিকিৎসা বিষয়া, বিপিএম ভাৰ্জিল শৰ্মা, ফাৰ্মাচিষ্ট বিজয় নাথ, জুমুৰ আলি আহমেদ, ডৰথি ডেকা, ব্লক দাতা মেনেজাৰ ৰাজদীপ, বিচিএম জুমীশ্ৰী শৰ্মা, স্বাস্থ্য কৰ্মী মঞ্জু ৰাভা আদিয়ে এই উৎসৱ সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভাবে সহায় সহযোগিতা কৰে।
উৎসৱত ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতিৰ সদস্য বেনুধৰ অধিকাৰী,নব কুমাৰ ডেকা আদি উপস্থিত থাকি সহায় সহযোগিতা কৰে। স্বাস্থ্য উৎসৱৰ কিছুদিনৰ আগতে স্বাস্থ্য কেন্দ্ৰটোত ১ লাখ টকা ব্যয়ৰে এখনি ঔষধি গছৰ বাগিছা নিৰ্মাণ কৰি উলিওবা হয়।
/asomiyapratidin/media/media_files/2024/12/04/GACjZ47Dkzwkbp3zPru2.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us