আৰম্ভ নিখিল বড়ো ছাত্র সন্থাৰ ৫৬ সংখ্যক প্ৰতিনিধি সন্মিলন

আৰম্ভ নিখিল বড়ো ছাত্র সন্থাৰ ৫৬ সংখ্যক প্ৰতিনিধি সন্মিলন

author-image
Asomiya Pratidin
New Update
আৰম্ভ নিখিল বড়ো ছাত্র সন্থাৰ ৫৬ সংখ্যক প্ৰতিনিধি সন্মিলন

ডিজিটেল সংবাদ, গোলাঘাট: আজিৰে পৰা আৰম্ভ এবচুৰ প্ৰতিনিধি সন্মিলমন। ২ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা এই সন্মিলন ৪ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। বড়োসকলৰ বিভিন্ন সমস্যাৰাজিৰ লগতে শিক্ষা, সংস্কৃতি আৰু মহিলা সৱলীকৰণ সন্দৰ্ভত বিতং আলোচনা হ'ব এবচুৰ এই প্ৰতিনিধি সন্মিলনত।

Advertisment

প্ৰায় এক কোটি পঞ্চাশ লাখ টকা ব্যয় সাপেক্ষে আয়োজন কৰা এই সন্মিলনত বিভিন্ন জনগোষ্ঠীয় নৃত্য গীতৰো সমাহাৰ ঘটিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে অসম মন্ত্ৰীসভাৰ আন একাংশ মন্ত্ৰী আৰু বিধায়কে অংশগ্ৰহণ কৰিব এবচুৰ এই প্ৰতিনিধি সন্মিলনখনিত।

অসমৰ ৩৩ খন জিলাৰ লগতে নেপাল, ভূটান আৰু বাংলাদেশৰ পৰাও একাংশ প্ৰতিনিধিয়ে সন্মিলনখনিত যোগদান কৰিবহি বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে। প্ৰতিনিধি সন্মিলনখনিৰ লগত সংগতি ৰাখি তিনিওটা দিনতে সন্মিলন স্থলীত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে,নিখিল বড়ো ছাত্র সন্থাৰ ৫৬ সংখ্যক প্ৰতিনিধি সন্মিলনখনিৰ অভ্যৰ্থনা সমিতিৰ সভাপতিৰ দ্বায়িত্বত আছে বড়ো কছাৰী স্বায়ত্বশাসিত কল্যান পৰিষদৰ মূখ্য কাৰ্য্যবাহী ৰমিঅ' পি নাৰ্জাৰী।

Also Read: মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীৰে চচলত প্ৰতিবাদ