ৰৌতাত ১৩৩ কেজি গাঞ্জা জব্দঃ দুজনক গ্ৰেপ্তাৰ...

ৰৌতা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা। তাৰোপৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই সৰবৰাহকাৰী। জব্দ কৰিছে ১৩৩ কিলোগ্ৰাম গাঞ্জা। দুই সৰবৰাহকাৰীক জেললৈ প্ৰেৰণ।

author-image
Asomiya Pratidin
New Update
ৰৌতত ১৩৩ কেজি গাঞ্জা জব্দঃ দুজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ ওৰাংঃ ৰৌতা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা। তাৰোপৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই সৰবৰাহকাৰী।

Advertisment

জানিব পৰা মতে গোপন খবৰৰ ভিত্তিত ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উদ্যম বসুমতাৰীৰ নেতৃত্বত লালপুল আৰক্ষী চকীৰ আৰক্ষী বিষয়া মনোজ চুতীয়াৰ সহযোগত আৰক্ষীৰ এটা বৃহৎ দলে ৰৌতা থানাৰ অন্তৰ্গত ৫ নং মাজুলী গাঁৱত অভিযান চলায়।

অভিযান কালত গাওঁখনৰ শম্ভু নাৰ্জাৰী ওৰফে সনতোলা নাৰ্জাৰী নামৰ লোকজনক ১৩৩ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জাসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পিছত ৰৌতা আৰক্ষীয়ে NDPS আইনৰ অধীনত 28/25 US 20(b)(ii)(C) ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ মাৰাথন জেৰাত ধৃত শম্ভু নাৰ্জাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত মূল অভিযুক্ত বাদাগাৱৰ প্ৰবীন দৈমাৰী(৪০)ক ভৈৰৱকুণ্ডত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৃহস্পতিবাৰে অভিযুক্তক ৰৌতা আৰক্ষীয়ে জে'ল হাজোলৈ প্ৰেৰণ কৰে।

গাঞ্জা সৰবৰাহকাৰী ৰৌতা