/asomiyapratidin/media/media_files/2025/03/25/NOtAJ4aZLmZE1R05hcyG.jpg)
ডিজিটেল সংবাদ বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰত আজি বাক্সা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত চৰকাৰী বিদ্যালয় সমূহত ২০২৫-২৬ নতুন শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকে বাক্সা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলাম।
অনুষ্ঠানত তেওঁ কয় যে বাক্সা জিলাৰ বাক্সা প্ৰাথমিক শিক্ষা খণ্ডৰ মুঠ ৩৮৫ খন বিদ্যালয় আছে আৰু প্ৰতিখন বিদ্যালয়ত পাঠ্যপুথি বিতৰণ কৰা হ'ব । আজি কেৱল ইয়াৰ শুভাৰম্ভহে হৈছে বুলি উল্লেখ কৰি তেওঁ সকলোৰে সহযোগিতা কামনা কৰে ।
বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰা কাৰ্যক এক মহৎ কাৰ্য্য আখ্যা দি বিদ্যালয় সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলামে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে । আজিৰ সভাত মাধ্যমিক শিক্ষক সন্থা আৰু বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰো প্ৰতিনিধি উপস্থিত থাকে ।
আনহাতে বৰমাত থকা টিহু - বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত চৰকাৰী বিদ্যালয় সমূহতো ২০২৫-২৬ নতুন শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।