/asomiyapratidin/media/media_files/2025/03/20/yBKUWUo9xOfxrNiyIXsi.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বিজনী চহৰস্থিত বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজিৰ পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত হৈছে সকলো চৰকাৰী চাকৰিৰ বাবে মেগা প্ৰশিক্ষণ শিবিৰ। অৰূপ নাথ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু ইডু হাব অসমৰ সহযোগত অনুষ্ঠিত হৈছে উক্ত প্ৰশিক্ষণ শিবিৰ।
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা উক্ত প্ৰশিক্ষণ শিবিৰত বিভিন্ন অঞ্চলৰ পৰা সাত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইফালে উক্ত শিবিৰ উদ্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি কয় যে, হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাই। হাগ্ৰামা মহিলাৰীৰ সৈতে আগতে দুই-তিনিবাৰ কথা পতা হৈছিল।
কিন্তু হাগ্ৰামাই আমাৰ সৈতে এটা কথা পাতে আৰু মিডিয়াৰ সন্মুখত কয় আন এটা কথা। গতিকে মই বিটিচিৰ ৰাইজক সেৱা কৰাৰ বাবে জটিল ৰাজনীতি লৈ যাব বিচৰা নাই। ৰাইজৰ সেৱা আগবঢ়াবলৈ শুদ্ধ চিন্তা আৰু শুদ্ধ মন লাগে বুলি প্ৰমোদ বড়োৱে উল্লেখ কৰি আৰু কয় যে বিটিচিৰ ৰাইজে বিগত ১৭ বছৰে হাগ্ৰামা মহিলাৰীক দেখিছে কিমান কেপাছিটি থকা ৰাজনৈতিক নেতা আৰু মানবতা কিমান, সমাজক কিমান ভাল পায়।
গতিকে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰীয়ে কৰা চিন্তাধাৰা মোৰ বাবে এক শতাংশ উদ্বেগ জনক নহয়। এতিয়া বিটিআৰত শান্তি আহিছে আৰু এই শান্তি চিৰ যুগমীয়া কৰাই আমাৰ লক্ষ্য বুলি প্ৰমোদ বড়োৱে কয়। ইফালে উক্ত শিবিৰত এ পি এছ চি, ইউ পি এছ চি, টেট, এ ডি আৰ.ই, ডি এম ই, ৰেলৱে, এছ এছ চি, বেংক, আৰক্ষী আদি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ল'বলগীয়া প্ৰস্তুতি সম্পৰ্কে অসমৰ লগতে বহি:ৰাজ্যৰ পৰা বিশেষ কৰ্মদক্ষ প্ৰশিক্ষকৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি অৰূপ নাথ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা ৰাজ্যিক বিজেপিৰ অ'বিচি মৰ্চাৰ সম্পাদক অৰূপ নাথে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।
উক্ত উদ্বোধনী অনুষ্ঠানত ইডু হাব ইণ্ডিয়া গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া গৌতম দত্ত, বিটিচিৰ মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, সমাজকৰ্মী ড৹ সুবীৰ কুমাৰ দাস, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী, চিৰাং জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ৰিন্তু কুমাৰ দাস সহ অন্যান্য অতিথিবৃন্দ উপস্থিত থাকে ।