নাগ্ৰীজুলিত চিকিৎসা শিবিৰ : ৩ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন

নাগ্ৰীজুলিত চিকিৎসা শিবিৰ : ৩ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন

author-image
Asomiya Pratidin
New Update
নাগ্ৰীজুলিত চিকিৎসা শিবিৰ : ৩ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন

ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰৰ নাগ্ৰীজুলিত মেগা চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষতে যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলি আছে আয়ুষ্মান ভৱঃ কাৰ্যসূচী।

Advertisment

এই কাৰ্য্যসূচীৰ অধীনত বৃহস্পতিবাৰে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত এক বিনামূলীয়া মেগা স্বাস্থ্য পৰীক্ষা ও চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। এই চিকিৎসা শিবিৰটো পুৱা ১০-০০ বজাত নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভূৱনেশ্বৰ বড়োৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

মুকলি কৰে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক ডাঃ চেমুৱেল চৰকাৰে। আজি অনুষ্ঠিত এই চিকিৎসা শিবিৰত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা অহা মেডিচিন, শল্য চিকিৎসা, চালৰ ৰোগ, দন্ত্য চিকিৎসা, চকু, স্ত্ৰী আৰু প্ৰসূতি, মানসিক ৰোগ, নাক কাণ আৰু ডিঙিৰ ৰোগ আদিকে ধৰি বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটাই উপস্থিত থাকি বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ প্ৰায় ৩ শতাধিক ৰোগীৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে।

ইয়াৰোপৰি ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে। মেগা চিকিৎসা শিবিৰটোত ডাঃ উস্মিতা চৌধুৰী, ডাঃ অভিলাষা গোস্বামী, ডাঃ ডিম্বেশ্বৰ কলিতা, ডাঃ লোহিত ঢুঙ্গেল, ডাঃ আয়ুব আলি, ডাঃ শ্বাৱনা আখটাৰ চৌধুৰী, ডাঃ বিক্ৰম সূত্ৰধৰ, ডাঃ বিপুল শৰ্মা, ডাঃ কুনাল গোস্বামী উপস্থিত থকাৰ উপৰি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ মনোহৰ দাস, ডাঃ অক্ষয় কলিতা, ডাঃ জ্যোতিষ্ময় কলিতা, ডাঃ প্ৰানজ্যোতি শৰ্মা উপস্থিত থাকে।

কেউগৰাকী চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াই শিবিৰটো সফলভাৱে পৰিচালনা কৰে। চিকিৎসা শিবিৰত উপস্থিত থাকি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ কৰ্মচাৰী মনোৰঞ্জন ডেকা, ত্ৰিদীব দাস, সঞ্জীৱ চৌহান, মানবেন্দ্ৰ দাস, মেট্ৰ''ন মীৰা মজুমদাৰৰ লগতে কেইবাগৰাকীও কৰ্মচাৰীৰে কাৰীকৰি আৰু বিভিন্ন দিশত সহায় সহযোগিতা আগবঢ়ায়। এই শিবিৰটোৱে নাগ্ৰীজুলি অঞ্চলৰ সকলো শ্ৰেণীৰ ৰোগী বিশেষকৈ দুখীয়া শ্ৰেণীৰ ৰোগীসকলক উপকৃত হ'ব বুলি আশা কৰা হৈছে।

Also Read: পশ্চিম নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত স্বাস্থ্য মেলা সম্পন্ন

tamulpur health