ভূটীয়াপাৰাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষণ শিৱিৰ সম্পন্ন...

কোকৰাঝাৰ জিলাৰ বালাগাঁও সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ ভূটীয়াপাৰা গাঁৱৰ ১০৫৯ নং ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আজি বিনামূলীয়া প্ৰাথমিক স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
ভূটীয়াপাৰাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষণ শিৱিৰ সম্পন্ন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাগাঁও সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ ভূটীয়াপাৰা গাঁৱৰ ১০৫৯ নং ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আজি বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পৰ সামাজিক দায়বদ্ধতা আঁচনিৰ উদ্যোগত, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ আয়োজনত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ সহযোগত অসংক্ৰামক ৰোগৰ বিনামূলীয়া প্ৰাথমিক স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয়।

Advertisment

উল্লেখ্য যে, আজি ৰাতিপুৱা ১০:০০ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত অসংক্ৰামক ৰোগৰ বিনামূলীয়া প্ৰাথমিক স্বাস্থ্য শিৱিৰত গাঁৱখনৰ ৩০ বছৰৰ উৰ্ধৰ অৰ্ধশতাধিক মহিলা,পুৰুষে নিজৰ ৰোগ পৰীক্ষা কৰে । স্বাস্থ্য শিৱিৰত বিনামূলীয়াভাৱে উচ্চ ৰক্তচাপ, বহুমুত্ৰ ৰোগ চিনাক্তকৰণ কৰি বিনামূলীয়াভাৱে ঔষধ যোগান ধৰা হয় ।

ইয়াৰোপৰি মুখ, স্তন আৰু জৰায়ুৰ কৰ্কটৰোগ সন্দৰ্ভতো পৰীক্ষা কৰা হয়। ইপিনে স্বাস্থ্য শিৱিৰত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চিকিৎসক নুৰ আলম আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ চিকিৎসক অভিষেক বৰাই কয় যে অসংক্ৰামক ৰোগ যেনে উচ্চ ৰক্তচাপ, বহুমুত্ৰ, মুখ, স্তন আৰু জৰায়ুৰ কৰ্কটৰোগ আগতীয়াকৈ চিনাক্ত হলে চিকিৎসা ব্যায় হ্ৰাস কৰিব পাৰি ।

তদুপৰি আগতীয়াকৈ ৰোগ চিনাক্তকৰণ হলে প্ৰয়োজনীয় ঔষধ গ্ৰহণেৰে সুস্বাস্থৰে জীৱনকাল বৃদ্ধি কৰিব পাৰি বুলি মন্তব্য কৰিছে । চিকিৎদ্বয়ে কয় যে, সাধাৰণতে সজাগতাৰ অভাৱৰ বাবেই বহু লোকে তেওঁলোকে নিজে নজনাকৈ ৰোগ বহন কৰি থাকে আৰু পিছৰ পৰ্যায়ত সেয়াই গুৰুতৰ ৰূপ ধাৰণ কৰে ।

এনে ধৰণৰ বিনামুলীয়া স্বাস্থ্য শিৱিৰে ৰোগ চিনাক্তকৰণত সহায় কৰে আৰু ৰোগীয়ে আৰম্ভণিৰ পৰাই সুচিকিৎসা লাভ কৰি সুস্বাস্থৰে জীৱনকাল বৃদ্ধি কৰাত সহায়ক হয়।

প্ৰণিধানযোগ্য যে আজিৰ স্বাস্থ্য সেৱা শিৱিৰত চিকিৎসকৰ উপৰিও আশাকৰ্মী পূণিমা নাথ,  অংগনাবাদী কৰ্মী গুণেশ্বৰী দেৱী, অংগনাবাদী সহায়ক মিনতি বালা দেৱী, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ ষ্টাফ নাৰ্চ ক্ৰমে নিশা দৈমাৰী, আচমা দৈমাৰী আৰু বালাগাঁও সামুহিক স্বাস্থ্যকেন্দ্ৰৰ কেবাগৰাকী কৰ্মচাৰী উপস্থিত আছিল ।

কোকৰাঝাৰ স্বাস্থ্য