/asomiyapratidin/media/media_files/2025/05/11/yJA8BzOGXtAk4tNpplcK.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জত বন্যহস্তী হত্যাৰ কৰি দাঁত লৈ যোৱা চোৰাং চিকাৰী চক্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰে । চলিত মে' মাহৰ ২ তাৰিখে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জৰ ভিতৰচৰাত চোৰাং চিকাৰীৰ দ্বাৰা গুলীয়াই বন্যহস্তী নিধনৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা চিৰাং জিলাৰ আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গৰ নেতৃত্বত জিলাখনৰ ভাৰত-ভূটান সীমান্ত এলেকাৰ সংশ্লিষ্ট থানা সমূহৰ ভাৰপ্ৰাপ্ত বিষয়া সকলক লৈ চোৰাং চিকাৰী চক্ৰৰ বিৰুদ্ধ অভিযান চলাই ৪ মে' তাৰিখে আমগুৰী থানা এলেকাৰ পৰা উক্ত বন্যহস্তী হত্যাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত চোৰাংচিকাৰী চক্ৰৰ তিনি দুৰ্ধৰ্ষ সদস্যসহ দুটা হস্তনিৰ্মিত বন্দুক আৰু বুজন পৰিমানৰ বিষ্ফোৰক সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিছিল ।
পৰবৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা চোৰাংচিকাৰী কেইজনক জিম্মাত লৈ চিৰাং আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰে আৰু তেওঁলোকে সদৰি কৰা তথ্যৰ ভিত্তিত বিগত কেইদিন ধৰি চিৰাং জিলা আৰক্ষীয়ে ভাৰত-ভূটান সীমান্ত এলেকাৰ ৰুণীখাতা, আমগুৰী থানাৰ অন্তৰ্গত পৃথক পৃথক ঠাইত অভিযান চলাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জত সন্ত্ৰাসৰ সৃষ্টি কৰা চোৰাংচিকাৰী চক্ৰটোৰ আৰু চাৰি গৰাকী দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী তিনিজন ক্ৰমে আমগুৰী থানাৰ অন্তৰ্গত মেদেনীপুৰ গাঁৱৰ যতেন নাৰ্জাৰী (৩৯), থাইজুবাৰী গাঁৱৰ পহিলা বসুমতাৰী (৩৮), ৰাইদাও মহিলাৰী (৩২) আৰু মালিভিটা গাঁৱৰ প্ৰসেন বসুমতাৰী (৩৬)।
গ্ৰেপ্তাৰ চাৰি চোৰাং চিকাৰীৰ তথ্যৰ ভিত্তিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জঙ্ঘলত পুতি থোৱা অৱস্থাত দুটা হস্তনিৰ্মিত বন্দুক, বুজন পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী সহ চোৰাংচিকাৰত ব্যৱহৃত বহু সা-সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কেইজনেই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জত বন্যহস্তী দুটাক গুলীয়াই হত্যা কৰি দাঁত কেইটা কাটি লৈ গৈছিল ।
এই বন্যহস্তী নিধন আৰু দাঁত কাটি লৈ যোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত চিৰাং আৰক্ষী চোৰাং চিকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পিছত তথ্য লাভ কৰে যে চোৰাংচিকাৰী চক্ৰটোয়ে হাতীৰ দাঁত কেইটা এটা আন্তৰ্জাতিক বন্যজীৱ অংগ চোৰাং চক্ৰৰ হাতত বিক্ৰী কৰিছে । সেই সূত্ৰৰ আতঁধৰি চিৰাং আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গৰ নেতৃত্বত আমগুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পঙ্কজ দলে, ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোঁৱৰ আৰু বিজনী থানা আৰক্ষীৰ এটা দলে কৌশলপূৰ্ণ অভিযান চলাই চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত দাদগিৰিৰ পৰা বিভিন্ন আকাৰৰ মুঠ সাত টা হাতীৰ দাঁত উদ্ধাৰ কৰে ।
সমগ্ৰ ঘটনা সন্দৰ্ভত এটা সুত্ৰই দাবী কৰে যে চোৰাং চিকাৰী চক্ৰৰ পৰা হাতীৰ দাঁত ক্ৰয় কৰাৰ ক্ষেত্ৰত এগৰাকী ভূটানী মহিলা নাগৰিক জড়িত আছিলে। কিন্তু আন্তৰ্জাতিক কাৰণত ভূটানী মহিলা নাগৰিক গৰাকীক চিৰাং আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিব পৰা নাই কিন্তু মহিলা গৰাকীৰ সকলো অপৰাধৰ তথ্য চিৰাং আৰক্ষীয়ে ইতিমধ্যেই ভূটান আৰক্ষীক অৱগত কৰিছে বুলি জানিব পৰা গৈছে ।
ইপিনে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চল আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত বন্য জীৱ-জন্তুক চিকাৰ কৰা চোৰাং চিকাৰী দলটোক গ্ৰেপ্তাৰ কৰাৰ বাবে চিৰাং আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে প্ৰকৃতিপ্ৰেমী দল সংগঠনসমূহে । কাৰণ বন্যজীৱ জন্তুৰ সুৰক্ষাৰ দায়িত্বত থকা বনবিভাগৰ লোকৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি সময়ে সময়ে এই চোৰাংচিকাৰী সকলে বন্যজীৱ হত্যা কৰে ।
দুৰ্ভাগ্যজনক কথা যে নিজৰ ব্যৰ্থতা ঢাকিবলৈ বনবিভাগৰ লোকে বহু সময়ত এনে বন্যজীৱ হত্যাৰ তথ্যৰ লুকুৱাই ৰাখে । এনেধৰনৰ ঘটনা যাতে আগলৈ আৰু সংঘটিত নহয় তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিবলৈ বনবিভাগৰ লোকক আহ্বান জনায় ।