চিৰাঙত হিন্দুস্তান পেট্ৰ'লিয়ামৰ ইন্ধন আৰু ৰন্ধন গেছ মজুত ভাণ্ডাৰৰ ভূমিপূজন সম্পন্ন
চিৰাঙত হিন্দুস্তান পেট্ৰ'লিয়ামৰ ইন্ধন আৰু ৰন্ধন গেছ মজুত ভাণ্ডাৰৰ ভূমিপূজন সম্পন্ন

চিৰাঙত হিন্দুস্তান পেট্ৰ'লিয়ামৰ ইন্ধন আৰু ৰন্ধন গেছ মজুত ভাণ্ডাৰৰ ভূমিপূজন সম্পন্ন

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ অংশগ্ৰহণ

ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ কামাৰডাঙ্গাত আজি বিটিআৰবাসী ৰাইজৰ বহু আকাঙ্খিত হিন্দুস্থান প্ৰেট্ৰলিয়াম (এইচপি) ৰ ৫৪০ কোটি টকীয়া প্ৰেট্ৰলিয়াম জাতীয় ইন্ধনৰ মজুত ভাণ্ডাৰ আৰু ৰন্ধন গেছ বটলিং প্লান্টৰ ভূমি পূজন কৰা হয় । অসম তথা উত্তৰ পূৱ ভাৰতৰ বাবে এক নতুন যুগৰ সূচনা কৰি ২৩৮ বিঘা ভূমি সাঙুৰি ৫৪০ কোটি টকীয়া প্ৰেট্ৰলিয়াম ইন্ধন মজুত ভাণ্ডাৰ আৰু ৰন্ধন গেছ বটলিং প্লান্টৰ ভূমি পূজন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ভাৰত চৰকাৰৰ প্ৰেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

দুবছৰীয়া জল্পনা কল্পনাৰ অন্ত পেলাই ৫৪০ কোটি টকীয়া এই অভিলাষী প্ৰকল্পৰ আজিৰ এই ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰৌণগোৰা নাৰ্জাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিআৰৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, ৰঞ্জিত বসুমতাৰী, পাৰিষদ মাধৱ ছেত্ৰী, ছাইখং বসুমতাৰী, প্ৰদীপ বায়ন লগতে হিন্দুস্থান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ সঞ্চালক (মাৰ্কেটিঙ) অমিত গাৰ্গ, কাৰ্য্যবাহী সঞ্চালক শ্ৰীধৰ গৌৰসহ অন্যান্য উচ্চপদস্থ বিষয়াসকল ।

আজিৰ এই ভূমিপূজনৰ লগত সঙ্গতি ৰাখি কামাৰডাঙ্গাৰ প্ৰস্তাৱিত প্ৰকল্পস্থলীতে এক বিশাল ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। সভাত চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২০ সহস্ৰাধিক লোকৰ সমাগম হয়। সভাৰ মঞ্চত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো সমন্বিতে মঞ্চত উপবিষ্ট অন্যান্য অতিথিসকলে।

সভাত আদৰণি ভাষণ আগবঢ়ায় ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে। তাৰ পিছত ভাষণ প্ৰসংগত কেন্দ্ৰীয় প্ৰেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে, মই এজন অসমীয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মোৰ কাৰ্য্যকালত বি টি আৰৰ ৫৪০ কোটি টকীয়া প্ৰকল্পৰ ভূমিপূজন কৰি গৰ্ব অনুভৱ কৰি আছো । কাৰণ এই প্ৰকল্পৰ দ্বাৰা কেৱল বিটিআৰ নহয় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ উপকৃত হ'ব । কাৰণ এই ইন্ধন মজুত ভাণ্ডাৰ আৰু ৰন্ধন গেছ বটলিং প্লান্টৰ পৰা প্ৰেট্ৰলিয়াম সামগ্ৰী উত্তৰ-পূৰ্বাঞ্চল সামৰি বিতৰণ কৰা হ'ব । এই প্ৰকল্পৰ দ্বাৰা এই অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলে প্ৰত্যক্ষ তথা পৰোক্ষ ভাবে কৰ্মসংস্থান লাভ কৰিব বুলি উল্লেখ কৰে ।

আটাইতকৈ লক্ষ্যনীয় বিষয় হৈছে যে, ৰে'লপথৰ একেবাৰে দাঁতিত মজুত ভাণ্ডাৰ হোৱা হেতুকেই ইয়াৰ ইন্ধনসমূহ ৰেলযোগে অনা হ'ব। বিটিআৰ এলেকাত এই প্ৰকল্প স্থাপন কৰাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই যি ধৰনৰ সহযোগিতা আগবঢ়াইছে আৰু প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত বিটিআৰ মুৰব্বী প্ৰমোদ বড়োৱে যিদৰে সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে মন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শলাগ লয় ।

তেওঁ কয়, মোৰ কাৰ্য্যকালত অসম তথা বিটিআৰত এনেধৰনৰ প্ৰকল্প স্থাপন কৰাটো মোৰ দায়িত্ব আৰু মই মোৰ দায়িত্ব পালন কৰিবলৈ গৈ আছো। ইয়াত আগন্তুক লোকসভা নিৰ্বাচনৰ লগত কোনো সম্পৰ্ক নাই। অকল এয়াই নহয় এইখন চিৰাং জিলাতে থকা বঙাইগাঁও শোধনাগাৰ উৎপাদন ক্ষমতা ২.৭ মিলিয়ন মেট্ৰিক টনৰ পৰা ৫ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বঙাইগাঁও শোধনাগাৰৰ সম্প্ৰসাৰণ কৰাৰ বাবে ভূমি অধিগ্ৰহণৰ কাম ইতিমধ্যেই সম্পন্ন কৰা হৈছে আৰু খুব সময়ৰ ভিতৰতে বিটিআৰবাসী ৰাইজে আৰু এটা ভাল খবৰ লাভ কৰিব বুলি উল্লেখ কৰে ।

ইপিনে কবিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে, এক দীঘলীয়া সময় এই বড়োলেণ্ড অঞ্চল এটা অশান্ত আৰু হিংসা জৰ্জ্জৰিত এলেকা হিচাপে চিহ্নিত আছিল । ধনদাবী, অপহৰণ আৰু হত্যাৰ দৰে ঘটনা এই অঞ্চলত নিত্য নৈমিত্তিক ঘটনা আছিল। যাৰ কাৰণে এই অঞ্চলত কোনো এটা ভাল প্ৰকল্প বা উদ্যোগ হোৱা নাছিল। কোনো লোকে এই অঞ্চলত টকা নিৱেশ কৰা নাছিল । যাৰ ফলত নিবনুৱা যুৱক-যুৱতীসকলে কৰ্ম সংস্থান বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছিল নাইবা হাতত অস্ত্ৰ তুলি সশস্ত্ৰ সংগঠনত যোগদান কৰিছিল। এনে এটা পৰিৱেশৰ মাজতে ২০২০ চনত বিটিআৰ শান্তিচুক্তি সম্পাদিত হৈছিল। এই শান্তি চুক্তিৰ পিছত এই অঞ্চলত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে । যি কেৱল এই অঞ্চলৰ লোকেই নহয় দেশৰ অন্যান্য প্ৰান্তৰ লোকসকলেও এতিয়া অৱগত হৈছে । এই শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ বাবেই ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে এই বিটিআৰত ৫৪০ কোটি টকীয়া বৃহৎ প্ৰকল্প স্থাপন কৰাৰ বাবে আগবাঢ়ি আহিছে বুলি মন্তব্য কৰে।

ইয়াৰ বাবে প্ৰমোদ বড়োৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় প্ৰেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, চিৰাং জিলাত হিন্দুস্থান প্ৰেট্ৰলিয়ামৰ এই ইন্ধন মজুত ভাণ্ডাৰ স্থাপন কৰাৰ প্ৰাথমিক প্ৰক্ৰিয়া আৰম্ভ হৈছিল বিগত ২০২১-২২ বৰ্ষত ।

বিভিন্ন কাৰণত দুটা বছৰ প্ৰস্তাৱিত প্ৰকল্পৰ কাম স্থবিৰ হৈ আছিল যদিও চলিত ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চিৰাং জিলাৰ প্ৰস্তাৱিত এলেকা পৰিদৰ্শন কৰি গৈছিল আৰু সকলো সমস্যা আঁতৰাই আজি এই ৫৪০ কোটি টকীয়া প্ৰকল্পৰ ভূমিপূজন কৰাত ভূমিদাতা তথা অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে হিন্দুস্তান পেট্ৰলিয়ামৰ এই নতুন প্ৰকল্প নিৰ্মাণৰ কাম অহা তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি দিয়া হৈছে। ইপিনে হিন্দুস্তান পেট্ৰলিয়াম কোম্পানী লিমিটেডৰ হৈ জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ২০৪৪০ কে এল ধাৰণক্ষমতা যুক্ত মজুত ইন্ধনে অসমৰ নূন্যতম ১৫ দিনৰ শক্তিৰ পৰ্যাপ্ততা নিশ্চিত কৰিব বুলি দাবী কৰা হৈছে ।

প্ৰকল্পৰ আন্তঃগাঁথনিৰ দক্ষতাৰ বাহিৰেও এই পদক্ষেপে অঞ্চলটোৰ আন্তঃগাঁথনিৰ মেৰুদণ্ড শক্তিশালী কৰা, বজাৰৰ চাহিদা পূৰণ কৰা, অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ বাবে পণ্যৰ পৰ্যাপ্ততা নিশ্চিত কৰিব পাৰিব । তদুপৰি এই কৌশলগত উন্নয়নে চিৰাং জিলাৰ আৰু কাষৰীয়া জিলাসমূহৰ ইন্ধনৰ প্ৰয়োজনীয়তা পোনপটীয়াকৈ পূৰণ কৰিব পাৰিব।

যাৰ ফলত তেওঁলোকৰ আৰ্থ-সামাজিক উত্থানত অৰিহণা যোগাব এই প্ৰকল্পই। ইয়াৰ উপৰিও এই প্ৰকল্পই ৩৩২টা খুচুৰা বিপণীৰ বৰ্তমানৰ নেটৱৰ্কক শক্তিশালী কৰিব। ভৱিষ্যতৰ বিপণীসমূহৰ পৰিকল্পনা উন্নয়নৰ বাবে নিৰ্ধাৰণ কৰা হ'ব। এল পি জি বটলিং প্লান্টৰ স্থাপনৰ জৰিয়তে ৭৮টা বিতৰক আৰু ৯.২ লাখ গ্ৰাহকৰ বাবে এল পি জিৰ অবিৰত উপলব্ধতা নিশ্চিত কৰা হ'ব ।

ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত প্ৰায় ৭ লাখ হিতাধিকাৰী উপকৃত হ’ব। হিন্দুস্তান পেট্ৰলিয়ামৰ এই প্ৰচেষ্টাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উপগ্ৰহ ডিপোসমূহলৈ প্ৰত্যক্ষ সামগ্ৰীৰ উপলব্ধতা সহজ কৰি তুলিব। যাৰ ফলত সমগ্ৰ অঞ্চলটোত ইন্ধনৰ সহজলভ্যতা বৃদ্ধি পাব।

হিন্দুস্তান পেট্ৰলিয়ামে প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অদম্য দায়বদ্ধতা অব্যাহত ৰখাৰ সময়তে এই মাইলৰ খুঁটি প্ৰকল্পটোৱে উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসম ৰাজ্যৰ বহনক্ষম বৃদ্ধি আৰু উন্নয়নৰ অনুঘটক হিচাপে কাম কৰাৰ সমান্তৰালকৈ দেশৰ ইন্ধনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে দায়বদ্ধতাৰে কাম কৰিব যাব।

চিৰাঙত হিন্দুস্তান পেট্ৰ'লিয়ামৰ ইন্ধন আৰু ৰন্ধন গেছ মজুত ভাণ্ডাৰৰ ভূমিপূজন সম্পন্ন
নগাঁও হিন্দু মিলন মন্দিৰত বাৰ্ষিক মহোৎসৱ মাঘী পূৰ্ণিমা উৎসৱ উৎযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in