/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/g9lgdpqo/CHANDAN-BRAHMA-21.jpg)
এইবাৰ UPPL ত সংঘাতঃ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত চন্দন ব্ৰহ্ময়ো সংগ্ৰহ কৰিলে মনোনয়ন !
ডিজিটেল সংবাদ, চিৰাং: ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ হৈ ইউ পি পি এল দলৰ প্ৰাৰ্থী হিচাপে নিৰ্মল কুমাৰ ব্ৰহ্মৰ নাম ঘোষণা কৰাৰ পিছতেই ইউ পি পি এল দলত পুনৰ দলীয় বিদ্ৰোহৰ উকমুকনি আৰম্ভ হোৱাৰ পৰিস্থিতি সৃষ্টি হৈছে। কাৰণ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফ দল ত্যাগ কৰি ইউ পি পি এলত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই সমষ্টিটোৰ পৰা উপ-নিৰ্বাচনত টিকট আশা কৰিছিল তেওঁ দলে তেওঁক টিকট প্ৰদান নকৰিলে।
উল্লেখ্য যে চন্দন ব্ৰহ্মই ইউ পি পি এল দলত যোগদান কৰাৰ সময়ত চিদলী বিধানসভা সমষ্টিত যদি উপ-নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে উক্ত উপ-নিৰ্বাচনত চন্দন ব্ৰহ্মক ইউ পি পি এল দলৰ পৰা টিকট দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈ আছিল। ইপিনে উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত দলীয় টিকট লাভ কৰাৰ তালিকাত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ নাম শীৰ্ষত আছে বুলি চৰ্চা লাভ কৰিছিল ।
পৰবৰ্তী সময়ত ইউ পি পি এল দলৰ টিকট বিচাৰি সঁহাৰি নোপোৱাত প্ৰমোদ বড়োৰ অতি ঘনিষ্ঠ বিশেষ কৰ্তব্যৰত বিষয়া ড০ ছাংগ্ৰাং ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ শৰণাপন্ন হৈ বি পি এফ দলৰ সম্ভাব্য প্ৰাৰ্থী হিচাপে বাতৰিৰ শিৰোনাম দখল কৰিছিল। যাৰফলত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সমস্যাৰ বাবে ইউ পি পি এল দলৰ পৰা প্ৰাৰ্থী ঘোষণা কৰাৰ ক্ষেত্ৰত যঠেষ্ট বিমোৰত পৰিছিল দলৰ শীৰ্ষ নেতাসকলে ।
তাৰ মাজতে আজি এন ডি এ মিত্ৰজোঁটৰ হৈ ইউ পি পিএল দলৰ প্ৰাৰ্থী হিচাপে নিৰ্মল কুমাৰ ব্ৰহ্মৰ নাম ঘোষণা কৰাৰ পিছতেই দলীয় টিকটৰ পৰা বঞ্চিত হোৱা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ বাতৰি সামাজিক মাধ্যমত বিয়পি পৰে। প্ৰাপ্ত খবৰ অনুসৰি যি সময়ত কাশিকোত্ৰাত ইউ পি পি এল দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে চিদলী বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী হিচাপে নিৰ্মল কুমাৰ ব্ৰহ্মৰ নাম ঘোষণা কৰি আছিল ঠিক সেই সময়তে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ হৈ তেওঁৰ অনুগামী হিচাপে পৰিচিত অশোক ব্ৰহ্ম আৰু ইন্দ্ৰজিত ব্ৰহ্মই কাজলগাঁৱৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে আৰু মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/lkbhlsdq/f3a38ccd-bdb7-4220-8135-b52292f0a76e.jpg)
ইয়াৰ পিছতে চিদলী সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইউ পি পি এল দলত আন এক ৰাজনৈতিক বিদ্ৰোহৰ সূত্ৰপাতৰ সূচনা হয়। ইপিনে চন্দন ব্ৰহ্মৰ মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ বাতৰি সন্দৰ্ভত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, চন্দন ব্ৰহ্মৰ মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ বিষয়টো ইমান ডাঙৰ কথা নহয় ।
সাংসদ বসুমতাৰীৰ বিশ্বাস বি পি এফ দলক বেয়া পাই ইউ পি পি এল দলত যোগদান কৰা আৰু এক দীঘলীয়া ৰাজনীতি জীৱনৰ অভিজ্ঞতাৰে পৰিপুষ্ট এজন নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই দল বিৰোধী স্থিতি গ্ৰহণ নকৰিব বুলি আশা প্ৰকাশ কৰে। মুঠৰ ওপৰত চন্দন ব্ৰহ্মৰ দলীয় টিকটৰ পৰা বঞ্চিত হোৱা আৰু তাৰ পিছত মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ ঘটনাক লৈ চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত আন এক ৰাজনৈতিক বিদ্ৰোহৰ সূত্ৰপাত যে হবলৈ গৈ সেয়া নিশ্চিত ।
Also Read: সদগুৰুলৈ ২০২৪ বৰ্ষৰ গ্লোবেল ইণ্ডিয়ান বঁটা...