১৯০১ চনৰ পাছত প্ৰথমবাৰৰ বাবে বড়ো খ্ৰীষ্টানসকলে পালন কৰিলে বৈশাগু...

আজি ৰাজ্যজুৰি মন্দিৰ, বাথৌ থানশালীবোৰত চাকি বন্তি জ্বলাই ঈশ্বৰৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰাৰ দৰে প্ৰথমবাৰৰ বাবে খ্ৰীষ্ট ধৰ্মীয় বড়োসকলেও গীৰ্জাত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়

author-image
Tushar Pratim
New Update
১৯০১ চনৰ পাছত প্ৰথমবাৰৰ বাবে বড়ো খ্ৰীষ্টানসকলে পালন কৰিলে বৈশাগু...

ডিজিটেল ডেস্কঃ অসমীয়া নতুন বছৰটোৰ প্ৰথম দিনটোতে আজি ৰাজ্যজুৰি মন্দিৰ, বাথৌ থানশালীবোৰত চাকি বন্তি জ্বলাই ঈশ্বৰৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰাৰ সমান্তৰালকৈ প্ৰথমবাৰৰ বাবে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা বড়োজনগোষ্ঠীয় লোকসকলেও গীৰ্জাত মাচ (প্ৰাৰ্থনা) কৰা পৰিলক্ষিত হয়।

Advertisment

১৯০১ চনৰ পাছত প্ৰথমবাৰৰ বাবে বড়ো খ্ৰীষ্টানসকলে পালন কৰিলে বৈশাগু...

উল্লখ্য যে, যোৱা বছৰৰ ব’হাগৰ প্ৰথম দিনটোত কোকৰাঝাৰ পাৰিচ কাউন্সিলে পোন প্ৰথমে গীৰ্জাত সমূহীয়া মাচ (প্ৰাৰ্থনা) কৰি  ৰংজালি বৈশাগু উদযাপন কৰিছিল। এই উদযাপনত সকলো জনগোষ্ঠীৰ মাজতে প্ৰচলিত জ্যেষ্ঠ কনিষ্ঠই সেৱা লোৱা পৰম্পৰাও পালন কৰিছিল।

১৯০১ চনৰ পাছত প্ৰথমবাৰৰ বাবে বড়ো খ্ৰীষ্টানসকলে পালন কৰিলে বৈশাগু...

যোৱা বঠৰ কোকৰাঝাৰৰ পাৰিচ কাউন্সিলে দেখুওৱা বাটেৰেই এইবাৰ অগ্ৰসৰ হ’ল খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা বড়ো জনগোষ্ঠীয় লোকসকলক। আজি বি টি আৰৰ গীৰ্জাসমূহত সমূহীয়া মাচ পৰিবেশনৰ পাছতে সকলোৱে কলৰ পচলা, খুংখাৰ সৈতে গাহৰিৰ মাংসৰ লেব্ৰা সমূহীয়াকৈ খাই খাম, চিফুং, জাবশ্ৰিং আদি বাদ্যৰে বৈশাগু নৃত্য কৰে।  

১৯০১ চনৰ পাছত প্ৰথমবাৰৰ বাবে বড়ো খ্ৰীষ্টানসকলে পালন কৰিলে বৈশাগু...

বড়ো খ্ৰীষ্টানসকলে এইদৰে প্ৰথমবাৰৰ বাবে ৰংজালী বৈশাগু উদযাপন কৰা দেখি বড়ো জনগোষ্ঠীয় লোকসকৰ মাজত মাজত সন্তুষ্টি প্ৰকাশ পাইছে। উল্লেখযোগ্য যে ১৯০১ চনৰ পৰা বড়ো খ্ৰীষ্টানসকলে সমূহীয়াকৈ বৈশাগু উদযাপন কৰাটো পৰিহাৰ কৰিছিল।

বৈশাগু উৎসৱ কোকৰাঝাৰ