Advertisment

মৰ্মান্তিকঃ অগ্নিদগ্ধ মাতৃক উদ্ধাৰৰ সময়তে অন্তৰ্ধান পুত্ৰৰ মৃতদেহ, কুকুৰে ভক্ষণ কৰাৰ অৱস্থাত উদ্ধাৰ...

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাত সোমবাৰে নিশা এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। দৰিদ্ৰ আদিবাসী পৰিয়াল এটাৰ ঘৰত নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। ঘটনাত নিহত হয় এটি শিশু।

author-image
Asomiya Pratidin
New Update
মৰ্মান্তিকঃ অগ্নিদগ্ধ মাতৃক উদ্ধাৰৰ সময়তে অন্তৰ্ধান পুত্ৰৰ মৃতদেহ, কুকুৰে ভক্ষণ কৰাৰ অৱস্থাত উদ্ধাৰ...

ডিজিটেল সংবাদ,চিৰাংঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাত সোমবাৰে নিশা এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। দৰিদ্ৰ আদিবাসী পৰিয়াল এটাৰ ঘৰতি নিশা সংঘটিত হয় অগ্নিকাণ্ড ঘটনা। এই ঘটনাত শুই থকা অৱস্থাত অগ্নিদগ্ধ হয় এটি ১৫ দিনীয়া শিশু পুত্ৰৰ লগতে মাতৃ ।

Advertisment

এই শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাত ১৫ দিনীয়া শিশুৰ ঘটনাস্থলীতে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে ৬০ শতাংশ অগ্নিদগ্ধ হৈ চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে মাতৃগৰাকীয়ে। এই শোকাৱহ কৰুণ ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা থানাৰ অন্তৰ্গত দেউশ্ৰীৰ দুই নং আই পোৱালি গাঁৱত ।

স্থানীয় লোকে সদৰি কৰা মতে দুই নং আই পোৱালি গাঁৱৰ বাসিন্দা লক্ষী মাৰ্ডীৰ কন্যা ঝুমৰী কিস্কুৱে ১৫ দিন আগতে তৃতীয় সন্তান হিচাপে এটি পুত্ৰ সন্তানৰ জন্ম দিছিল আৰু তাৰ পাছতেই মাতৃৰ গৃহলৈ আহিছিল। সন্তান জন্ম হোৱাৰে পৰা ঝুমুৰী মাতৃৰ ঘৰতে বাস কৰি আছিল। 

কিন্তু সোমবাৰ নিশা দুয়ো মদ্যপান কৰি মাতৃ লক্ষী মাৰ্ডীয়ে মজিয়াত আৰু কন্যা ঝুমুৰী কিস্কুয়ে খাটিয়াত শিশু পুত্ৰক লৈ শুই পৰিছিল। নিশা অসাৱধানতা বশতঃ ঘৰত জ্বলাই ৰখা ডিজেলৰ চাকিৰ পৰা অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।

এই অগ্নিকাণ্ডৰ লেলিহান শিখাই আবৰি ধৰে মাতৃ-সন্তানক । অগ্নিদগ্ধ হৈ শিশুটিৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে মাতৃগৰাকীৰ দেহৰ ৬০ শতাংশ অগ্নিদগ্ধ হৈ গুৰুতৰ ভাবে আহত হয় ।

খবৰ লাভ কৰি ওচৰ চুবুৰীয়াৰ লগতে ঝুমুৰী কিস্কুৰ স্বামী ছিমন ছোৰেণ ঘটনাস্থলীত উপস্থিত হৈ অগ্নিদগ্ধ শিশুটিৰ মৃতদেহ ঘৰৰ পৰা উলিয়াই আনি অগ্নিদগ্ধ মাতৃগৰাকীকো উদ্ধাৰৰ চেষ্টা কৰে। সেই সময়তেই ইতিমধ্যে উদ্ধাৰ কৰা শিশুটিৰ মৃতদেহ সেই স্থানপ পৰা অন্তৰ্ধান হয়। 

ইপিনে নিশাৰ ভাগত এই ঘটনাৰ খবৰ লাভ কৰি ৰুণীখাতা আৰক্ষী থানাৰ পৰা আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নিদগ্ধ শিশুটিৰ মৃতদেহৰ অনুসন্ধান কৰে যদিও শিশুটিৰ মৃতদেহৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নহ'n। আজি ৰাতিপুৱা চিৰাং জিলাৰ আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

কি কাৰণত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'বলৈ পালে, এই অগ্নিকাণ্ডৰ আৰঁত আন কোনো কাৰণ আছে নেকি এই সমগ্ৰ বিষয়টো পৰীক্ষা কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । তাৰ পিছত আৰক্ষী অধীক্ষকগৰাকীৰ উপস্থিতিতে আৰক্ষীৰ লোকে স্থানীয় লোকৰ সহযোগত বিচাৰি বিচাৰি কুকুৰে ভক্ষণ কৰি থকা অৱস্থাত শিশুটিৰ মৃতদেহৰ এটা অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

পিছত  দণ্ডাধীশ অমৰজ্যোতি নাথৰ উপস্থিতিত অৱশিষ্ট মাংসপিণ্ডটোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দেহৰ ৬০ শতাংশ অগ্নিদগ্ধ হৈ গুৰুতৰ ভাবে আহত হোৱা মাতৃ ঝুমৰী কিস্কুক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে । প্ৰাপ্ত খবৰ অনুসৰি অগ্নিদগ্ধ মাতৃ ঝুমুৰী কিস্কুৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে ।

অগ্নিকাণ্ড চিৰাং