Advertisment

হাতে হাতে দালৈ প্ৰতিবেশীয়ে কৰা আক্ৰমণত আহত পিতৃ, মাতৃ আৰু পুত্ৰ

কোকৰাঝাৰৰ জিলাৰ শিলগাৰাৰ পুখুৰীপাৰা চতুৰ্থখণ্ডত ৩১ ডিচেম্বৰৰ নিশা প্ৰতিবেশীৰ আক্ৰমণত একেটা পৰিয়ালৰ পিতৃ, মাতৃ আৰু পুত্ৰ আহত হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
হাতে হাতে দালৈ প্ৰতিবেশীয়ে কৰা আক্ৰমণত আহত পিতৃ, মাতৃ আৰু পুত্ৰ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ জিলাৰ শিলগাৰাৰ পুখুৰীপাৰা চতুৰ্থখণ্ডত ৩১ ডিচেম্বৰৰ নিশা প্ৰতিবেশীৰ আক্ৰমণত একেটা পৰিয়ালৰ পিতৃ, মাতৃ আৰু পুত্ৰ আহত হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰতিবেশীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকসকল হ'ল ক্ৰমে সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী সুৰেশ চন্দ্ৰ বৰ্মন(৭৯),তেওঁৰ পত্নী সুৰজনী বৰ্মন (৬৫) আৰু তেওঁলোকৰ পুত্ৰ দিবাকৰ বৰ্মন (৪১) ।

Advertisment

তিনিওজনে মূৰ, হাত, কাণ আদিত গুৰুতৰভাৱে আঘাত পাইছে আৰু বৰ্তমান কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী সুৰেশ চন্দ্ৰ বৰ্মনৰ আন এক পুত্ৰ অলকেশ বৰ্মনে সদৰি কৰা মতে মঙলবাৰে নিশা প্ৰায় ১০ বজাত তেওঁলোকৰ প্ৰতিবেশী পৰিয়াল এটাই হাতে হাতে দা লৈ তেওঁলোকক আচন্বিতে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায়।

হাতে হাতে দা লৈ দেবানন বৰ্মন, সুজিত বৰ্মন নাথ, জ্যোৎস্না বৰ্মন আৰু দীপেন বৰ্মনে তেওঁলোকৰ বাসগৃহৰ ক্ষতিসাধন কৰি তেওঁলোকক আক্ৰমণ কৰে । আক্ৰমণকাৰীসকলৰ সম্পৰ্কত পিতৃ, কন্যা, জোৱায়েক আৰু নাতি বুলি সদৰি কৰিছে অভিযোগকাৰী অলকেশ বৰ্মনে।

 ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰো দাখিল কৰা হৈছে বুলি সদৰি কৰিছে অলকেশ বৰ্মনে। ইপিনে আৰক্ষীয়ে আক্ৰমণকাৰী দেবানন বৰ্মনসহ দুজনক সোধপোছৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি দেবানন বৰ্মন এগৰাকী নষ্ট চৰিত্ৰৰ লোক আৰু পঞ্চমবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। পুৰণি কাজিয়া তথা ব্যক্তিগত শত্ৰুতাৰ বাবেই দেবানন বৰ্মনৰ নেৰ্তৃত্বতে আক্ৰমণ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। 

কোকৰাঝাৰ অপৰাধ