/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7175470f-ed73-4220-86be-a45744007480/chidli_25.jpg)
চিদলীৰ মিলনপাৰাৰ কানিভূৰ নৈৰ বাঢ়নী পানীত উটি গ'ল কৃষক...
ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলাৰ চিদলীৰ সমীপৰ মিলনপাৰা গাঁৱৰ কানিভূৰ নৈত আজি দুপৰীয়াৰ ভাগত এক শোকাবহ ঘটনা সংঘটিত হৈছে । কানিভূৰ নৈৰ বাঢ়নী পানীৰ সোঁতত এজন খেতিয়ক তথা শ্ৰমিক উটি গৈছে। জানিব পৰা মতে ৰাতিপুৱাৰ পৰা মিলনপাৰা গাঁৱত খেতি পথাৰত শ্ৰমিক হিচাপে কাম কৰি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ কানিভূৰ নৈৰ পাৰ কৰি আশ্ৰাবাৰীস্থিত নিজ বাসগৃহলৈ যোৱাৰ সময়তে হঠাতেই কানিভূৰ নৈৰ জলস্তৰ বৃদ্ধি পোৱাত পানীৰ সোঁতত উটি যায়।
কানিভূৰ নৈৰ পানীৰ সোঁতত উটি যোৱা কৃষক জনক বাসুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আশ্ৰাবাৰী গাঁৱৰ শম্ভূনাথ বসুমতাৰী ওৰফে সৌমব্লা বসুমতাৰী (৪৫) বুলি জানিব পৰা গৈছে। স্থানীয় প্ৰত্যক্ষদৰ্শী এজনে ঘটনাটো সন্দৰ্ভত গাঁওবাসীক অৱগত কৰাৰ পিছত চিদলী আৰু বাসুগাঁও থানাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰা হয় ।
নিৰুদ্দেশ হোৱাৰ প্ৰায় দুঘন্টা পিছত আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ লোক মিলনপাৰা গাঁৱত আহি উপস্থিত হয় আৰু ৰবৰৰ নাও পানীত নমাই এছডিআৰএফৰ জোৱানসকলে নিৰুদ্দেশ হোৱা দুখীয়া কৃষক তথা শ্ৰমিক সৌমব্লা বসুমতাৰীৰ অনুসন্ধান আৰম্ভ কৰিছে।
বাতৰি যুগুত কৰা পৰ্যন্ত কানিভূৰ নৈৰ বাঢ়নী পানীত উটি যোৱা লোকজনৰ সন্ধান পোৱা নাই। স্থানীয় লোকে জানিবলৈ দিয়ামতে মিলনপাৰা আৰু আশ্ৰাবাৰী গাঁৱৰ মাজেদি যোৱা কানিভূৰ নৈৰ ওপৰত এখন ফুটব্ৰিজ নিৰ্মাণ কৰিবলৈ কেইবাখনো গাঁৱৰ ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল।
কাৰণ দলং নথকাৰ কাৰণে বিশেষকৈ বাৰিষাৰ বতৰত বিদ্যালয়লৈ অহাযোৱা ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও সাধাৰণ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় । কেতিয়াবা মৰণক শৰণ দি নদী পাৰ কৰাৰ চেষ্টা কৰে আৰু যাৰ ফলত এনেধৰনৰ শোকাবহ ঘটনা সংঘটিত হয় ।
এনেধৰনৰ ঘটনা ইয়াৰ পূৰ্বেও সংঘটিত হোৱাৰ নজিৰ আছে বুলি মিলনপাৰা গাঁৱৰ গাঁওবুঢ়া তথা প্ৰাক্তন সেনা জোৱান বিনয় বসুমতাৰীয়ে সদৰি কৰে। সেয়ে এনেধৰনৰ শোকাবহ ঘটনা যাতে আগলৈ আৰু নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই কানিভূৰ নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে।
Also Read: প্ৰথমবাৰৰ বাবে লোকসভাত অনুষ্ঠিত হ'ব অধ্যক্ষৰ নিৰ্বাচন !