Advertisment

কাজলগাঁৱৰ নিলীবাৰীত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

২০২৫ ত বিটিচি পৰিষদীয় নিৰ্বাচন কেতিয়া অনু্ষ্ঠিত হ'ব এই সন্দৰ্ভত চৰকাৰী ভাবে কোনো তথ্য প্ৰকাশ হোৱা নাই যদিও বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে কিন্তু ইতিমধ্যেই নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
কাজলগাঁৱৰ নিলীবাৰীত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

কাজলগাঁৱৰ নিলীবাৰীত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

ডিজিটেল সংবাদ, চিৰাংঃ  ২০২৫ ত বিটিচি পৰিষদীয় নিৰ্বাচন কেতিয়া অনু্ষ্ঠিত হ'ব এই সন্দৰ্ভত চৰকাৰী ভাবে কোনো তথ্য প্ৰকাশ হোৱা নাই যদিও বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে কিন্তু ইতিমধ্যেই নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। কাৰণ আগন্তুক ২০২৫ ৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনক আগত লক্ষ্য ৰাখিয়েই আজি চিৰাং জিলাৰ কাজলগাঁৱৰ নিলীবাৰীত বিপিএফ দলৰ ৮৭ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

Advertisment

বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে দলীয় বিধায়ক দুৰ্গা দাস বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী, প্ৰমীলা ৰাণী ব্ৰহ্মসহ বিপিএফ দলৰ শীৰ্ষ নেতৃবৃন্দ লগতে বিটিআৰৰ পাঁচখন জিলাৰ দলীয় নেতৃবৰ্গই অংশগ্ৰহণ কৰে। সভাৰ অন্তত দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে আজিৰ এই কাৰ্যনিৰ্বাহক সভাত আগন্তুক ২০২৫ ত অনু্ষ্ঠিত হ'ব লগা বিটিচি পৰিষদীয় নিৰ্বাচন আৰু গাঁও পঞ্চায়ত নিৰ্ব্বাচনত দলীয় ৰণনীতি কি তাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় আৰু কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে অকলে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি দলে সিদ্ধান্ত কৰে। কিন্তু পিছলৈ যদি কোনো দলে মিত্ৰতাৰ বাবে আগবাঢ়ি আহে সেয়া বিপিএফ দলে দলৰ মজিয়াত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সদৰি কৰে।

আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ মূল ইচ্ছ্যু হ'ব প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাঁও। বিটিচি নিৰ্বাচনত বিপিএফ দলৰ দলীয় প্ৰাৰ্থীৰ টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে দুই লাখ টকা। দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে দুই লাখ টকা নগদ দিলে নহ'ব চেকৰ জৰিয়তে দলীয় বৰঙণি হিচাপে জমা দি টিকটৰ বাবে আবেদন কৰিব লাগিব।

কাইলৈৰ পৰা টিকট বিচাৰি আবেদন কৰিব পাৰিব । অহা ১৫ জানুৱাৰী, ২০২৫ ৰ ভিতৰত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন কৰিব লাগিব কিন্তু ১৫ জানুৱাৰীৰ পিছত আৰু কোনেও আবেদন কৰিব নোৱাৰিব বুলি হাগ্ৰামা মহিলাৰীয়ে সদৰি কৰে ।

এইবেলি খুব কম সময়ৰ ভিতৰত বিপিএফ দলৰ দলীয় প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰা হ'ব। আজিৰ কাৰ্যনিৰ্বাহক সভাত বিপিএফ দলে বিটিচিত চৰকাৰ গঠন কৰিলে বিটিচিৰ ৰাইজৰ গৰীব দুখীয়াসকলৰ কাৰণে বা উঠি অহা যুৱক-যুৱতীসকলৰ কাৰণে কি কি আঁচনি লৈ কাম কৰিব সেই বিষয়সমূহ লৈ আলোচনা কৰিবলৈ দলৰ তৃণমূল পৰ্যায়ত যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইপিনে গোসাইগাঁও চহৰত পৌৰসভা সভাপতিৰ নেতৃত্বত ক্ষুদ্ৰ ব্যৱসায়ীসকলক শাৰীৰিক ভাবে আক্ৰমণ কৰাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মহিলাৰীয়ে এয়া ইউপিপিএল দলৰ গুণ্ডাগিৰি বুলি অভিযোগ কৰে।  পৌৰসভাৰ সভাপতিগৰাকীয়ে বেআইনী কাম কৰিছে, তেখেতক আৰক্ষীয়ে আটক কৰা বুলি শুনিছো। তেখেতক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াই দিব লাগে বুলিও মন্তব্য কৰে ।

মুঠতে ইউপিপিএল দলৰ দাদাগিৰি কমা নাই বৰঞ্চ বাঢ়িছেহে। খাম্ফা বৰগয়াৰীৰ বিজেপি দলত যোগদান কৰাৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয়, খাম্ফা বৰগয়াৰীয়ে এতিয়াও বিজেপি দলৰ মালা পিন্ধা দেখা নাই। মালা নিপিন্ধালৈকে একো কব নোৱাৰি ।

আজিৰ কাৰ্যনিৰ্বাহক সভাত মূলতঃ আগন্তুক ২০২৫ ত অনু্ষ্ঠিত হ'বলগা গাঁও পঞ্চায়ত আৰু বিটিচিৰ পৰিষদীয় নিৰ্বাচনক লৈ আলোচনা কৰা হয়। বিটিচিৰ সীমামূৰীয়া এলেকাত গাঁও পঞ্চায়ত নিৰ্বাচনত বিপিএফ দলে অৱতীৰ্ণ হ'ব আৰু পঞ্চায়ত নিৰ্ব্বাচন ক'ত খেলিব, ক'ত নেখেলিব সেই সিদ্ধান্ত উক্ত গাঁও পঞ্চায়ত এলেকাৰ দলীয় নেতা কৰ্মীসকলে ল'ব বুলি হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে।

আজিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি বিধায়ক দুৰ্গা দাস বড়োৱে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ সন্দেহ প্ৰকাশ কৰে। কাৰণ বিপিএফ দলক ভালপোৱা ভোটাৰ ৰাইজে আমাৰ দলক ভোটদান কৰিছে কিন্তু ফলাফলত উলোটা ৰূপ দেখিবলৈ পাইছে বুলি ৰাইজে অৱগত কৰিছে।

আনপিনে হাগ্ৰামা মহিলাৰীয়ে দুৰ্গা দাস বড়োৰ এই মন্তব্য নাকচ কৰে। বিপিএফ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা প্ৰবীণ বড়ো পুনৰ বিপিএফ দললৈ উভতি অহাৰ কথা সদৰি কৰে বিধায়ক দুৰ্গা দাস বড়োৱে। 

অকল প্ৰবীণ বড়োই নহয় বহু বিপিএফ দলৰ নেতা কৰ্মী যি দল এৰি অন্য দলত যোগদান কৰিছিলে এতিয়া তেওঁলোকেও পুনৰ বিপিএফ দললৈ উভতি অহাৰ প্ৰস্তুতি চলাইছে বুলি জানিবলৈ দিয়ে। লক্ষ্যণীয় যে, আজিৰ বিপিএফ দলৰ কাৰ্যনিৰ্বাহক সভাত অনুপস্থিত আছিল দলৰ উপ সভাপতি খাম্ফা বৰগয়াৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰী । সভাখন সঞ্চালনা কৰে দলৰ সাধাৰণ সম্পাদক মহেশ্বৰ বসুমতাৰীয়ে।

হাগ্ৰামা মহিলাৰী বি পি এফ