/asomiyapratidin/media/media_files/2024/12/02/El5ZOFNFpxSjQUaVFkRT.jpg)
ডিজিটেল সংবাদ ওৰাংঃ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দুৰ্গেশ্বৰ শইকীয়াই আজি শেষ নিশ্বাস ত্যাগ কৰে। আজি বিয়লি প্ৰায় ৩-৩০ বজাত ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ আছিল দুৰ্গেশ্বৰ শইকীয়া। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৫ বছৰ।
মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ-কন্যাৰ লগতে বহু আত্মীয় স্বজনক এৰি থৈ গৈছে। অৱসৰপ্ৰাপ্ত শিক্ষক দুৰ্গেশ্বৰ শইকীয়াৰ মৃত্যুত শোকৰ ছাণ পৰিছে ওৰাঙৰ নিচলামাৰী গাঁওখনত।
তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ওৰাঙৰ বিভিন্ন দল-সংগঠনৰ লগতে অজস্ৰ গুণমুগ্ধই। জীৱিত কালত তেওঁ বিভিন্ন দল-সংগঠন আৰু সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল।
১৯৯১ চনৰ মাৰ্চ মাহত তেওঁ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষক ৰূপে যোগদান কৰিছিল। ইয়াক পিছত ২০১৯ চনৰ ৩১ জুলাইত তেওঁ অৱসৰ গ্ৰহণ কৰে। প্ৰায় ২৯ বছৰ ধৰি ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাদান কৰিছিল দুৰ্গেশ্বৰ শইকীয়াই।