চিৰাঙৰ কাজলগাঁৱত ডুৰাণ্ড কাপৰ প্ৰচাৰমূলক প্ৰদৰ্শনী ফুটবল খেল...

৩০ জুলাইৰ পৰা কোকৰাঝাৰত ডুৰাণ্ড কাপ

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ কাজলগাঁৱত ডুৰাণ্ড কাপৰ প্ৰচাৰমূলক প্ৰদৰ্শনী ফুটবল খেল...

চিৰাঙৰ কাজলগাঁৱত ডুৰাণ্ড কাপৰ প্ৰচাৰমূলক প্ৰদৰ্শনী ফুটবল খেল...

ডিজিটেল সংবাদ চিৰাং: আগন্তুক ৩০ জুলাইৰ পৰা কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা উপলক্ষে চিৰাঙত প্ৰচাৰৰ বাবে আজি এক প্ৰদৰ্শনীমূলক ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ চিৰাং জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰ উদাংশ্ৰীনি আলাৰি প্ৰেমসিং ব্ৰহ্ম ক্ৰীড়া প্ৰকল্পত আয়োজিত প্ৰতিযোগিতাৰ প্ৰদৰ্শনীৰ ডুৰাণ্ড কাপ ৰেলীৰ শুভাৰম্ভ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ৷

Advertisment

চিৰাং আৰু বিজনী জিলা ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত প্ৰদৰ্শনীমূলক খেলখন উদ্বোধন কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে ৷ প্ৰদৰ্শনীমূলক খেলখনত বিজনী জিলা ক্ৰীড়া সন্থাই চিৰাং জিলা ক্ৰীড়া সন্থাৰ দলক ২-০ গ'লত পৰাভূত কৰে ৷

অনুষ্ঠানত ভাৰতীয় সেনাৰ বিষয়া, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিক্ৰমা বিভাগৰ সচিব দিঠকানন্দ হাজৰিকা, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ড০ ছাংগ্ৰাং ব্ৰহ্মসহ কেবাজনো অতিথিয়ে অংশগ্ৰহণ কৰে ৷

Also Read: BTAD আৰু কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন সম্পন্ন...

ডুৰাণ্ড কাপ চিৰাং