/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/2ba1e234-ba61-4aab-b7cb-4efe912bf8b5/453400997_1041530157541255_2781708700033355859_n.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰত মঙলবাৰৰ পৰা আৰম্ভ হৈছে ফুটবলৰ মহাৰণ। কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবলৰ ১৩৩সংখ্যক প্ৰতিযোগিতাৰ লীগ মেচসমূহ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a8dc155a-8b28-4c98-8a29-79d4bcfdf79c/453312793_1041508760876728_471198988167246741_n.jpg)
উদ্বোধনী মেচখন বড়োলেণ্ড এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ মাজত অনুষ্ঠিত হয়। কিনকিনিয়া বৰষুণৰ মাজত আৰম্ভ হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ মেচখন বিৰতিলৈকে গলশূন্যভাৱে সমাপ্ত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1c50a994-da99-41ef-a323-22b72a2b35b7/453153278_1041508827543388_8040111412297377243_n.jpg)
নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে বিৰতিৰ আগমুহুৰ্তলৈকে দুটাকৈ গলৰ সুযোগ নষ্ট কৰে। আনহাতে বড়োলেণ্ড এফচিয়ে প্ৰথমাৰ্ধত এটা গলৰ সুযোগ নষ্ট কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/215f3dc6-d958-4bdd-95b9-624cb9fa59c2/453248181_1041509077543363_3408206772583972859_n.jpg)
ইপিনে বিৰতিৰ পিছতে নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু বড়োলেণ্ড এফচিৰ মাজত অনুষ্ঠিত হোৱা মেচখনে তীব্ৰ আক্ৰমাত্মক ৰূপ লয় আৰু ৪৮.২৫ মিনিটত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ হৈ জিথহীনে বড়োলেণ্ড এফচিক এটা গল দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/eef188cd-5188-4a4a-9c67-ffa129837090/453621598_1041509097543361_327845802250444568_n.jpg)
তাৰ পৰবৰ্তী পৰ্যায়ত বড়োলেণ্ড এফচিয়ে গল দিবলৈ বহু কষ্ট কৰে যদিও বিফল হয় । পুনৰাই নৰ্থ ইষ্ট ইউনাইটেড এফচিৰৱহৈ খেলৰ প্ৰায় অন্তিম মুহুৰ্তত অংকীতে আন এটা গল দিবলৈ সক্ষম হয়। পৰিণতিত আজিৰ খেলখনত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ২ গলৰ ব্যৱধানক বড়োলেণ্ড এফচিক পৰাস্ত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ca0ff258-2827-42ea-a821-6844676412c1/453221844_1041508997543371_253561794552937066_n.jpg)
উল্লেখ্য যে আজি কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ উদ্বোধনী মেচৰ পূৰ্বে সাংস্কৃতিক আৰু প্ৰদৰ্শনীমূলক কাৰ্যসূচী পৰিৱেশন কৰা হয় । সেনাবাহিনীয়ে পেৰাগ্লাইডিং, হেলিকপ্তাৰেৰে কুচকাৱাজৰ প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/28a66675-f897-4123-9a7f-d877c24f4ce4/453406141_1041509140876690_5809089423503607798_n.jpg)
তদুপৰি উদ্বোধনী মেচৰ পূৰ্বে বড়ো নৃত্য , বিহু নাচ , ডিমাছা নৃত্য প্ৰদৰ্শন কৰা হয় । তদুপৰি সেনা জোৱানসকলেও বিভিন্ন ধৰণৰ কুচকাৱাজ প্ৰদৰ্শন কৰে । আজিৰ উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে মিজোৰামৰ ক্ৰীড়ামন্ত্ৰী লানঘীনগ্লোভা হামাৰ আৰু ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° দাছাও লটে চিৰিং।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/738c8de7-366b-4889-852b-5e11e87690ec/453211888_1041509124210025_2127351567660295565_n.jpg)
উদ্বোধনী অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োসহ দেশৰ সেনাবাহিনীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে । উল্লেখ্য যে ৩০ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰত ডুৰাণ্ড কাপৰ মুঠ ছয়খন লীগ মেচ অনুষ্ঠিত হ'ব আৰু ২১ আগষ্টত এখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/62c01643-000d-4032-8260-c51dfa629ec0/453170475_1041509214210016_728180250870217777_n.jpg)
ডুৰাণ্ড কাপক লৈ কোকৰাঝাৰত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে আৰু আজি গেলেৰী দৰ্শকৰে ভৰি পৰে । কোকৰাঝাৰত অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপৰ লীগ মেচসমূহত চাৰিটাদল ক্ৰমে বড়োলেণ্ড এফচি , নৰ্থ ইষ্ট ইউনাইটেড এফ চি , উৰিষ্যা এফচি আৰু বিএচএফ এফচিয়ে অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a26946d0-8965-4877-ae6c-91031ab3ca9a/453153157_1041509170876687_1226278082032072694_n.jpg)
Also Read: কোকৰাঝাৰত ১৩৩সংখ্যক ডুৰাণ্ড কাপ...