দৰিদ্ৰক বিনামূলীয়া চিকিৎসা সেৱাৰ দিব ডাঃ ৰক্তিম প্ৰীতম ভট্টাচার্যই

বৃহত্তৰ ওৰাং অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা জনসাধাৰণ দৰিদ্ৰ লোকসকলক চিকিৎসাৰ বাবে বিনামূলীয়াকৈ চিকিৎসা প্রদান কৰিব যুৱ চিকিৎসক ডাঃ ৰক্তিম প্ৰীতম ভট্টাচার্যই।

author-image
Asomiya Pratidin
New Update
বিনামূলীয়া চিকিৎসা

ডিজিটেল সংবাদ ওৰাংঃ ৰাজ্যৰ ব্যয়বহুল চিকিৎসা ব্যৱস্থাৰ বিপৰীতে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াবলৈ ওলাই আহিল এগৰাকী যুৱ চিকিৎসক ডাঃ ৰক্তিম প্ৰীতম ভট্টাচার্য। আন একাংশ চিকিৎসকৰ দৰে কেৱল টকাৰ পিছত নদৌৰি বৃহত্তৰ ওৰাং অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা জনসাধাৰণৰ চিকিৎসাৰ বাবে বিনামূলীয়াকৈ চিকিৎসা প্রদান কৰিব এইগৰাকী যুৱ চিকিৎসকে।

Advertisment

প্রতি সপ্তাহৰ ৰবিবাৰে দিনৰ ১০ বজাৰ পৰা দাঁতৰ চিকিৎসা বিনামূলীয়াকৈ ওৰাঙৰ আৰোগ্য কমপ্লেক্সত প্রদান কৰিছে যুৱ চিকিৎসকগৰাকীয়ে। লগতে, ওৰাঙৰ যুৱ উদ্যমী ভূপেন শইকীয়াৰ নেতৃত্ব প্রতি সপ্তাহৰ বৃহস্পতিবাৰে গৰ্ভৱতী মহিলাসকলক জননী শিশু সুৰক্ষা কাৰ্যক্ৰম আঁচনিৰ অধীনত বিনামূলীয়াকৈ চলি আছে চিকিৎসা।

ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বিপৰীত দিশত অৱস্থিত আৰোগ্য কমপ্লেক্সে হাতত লোৱা এনে মহান কাৰ্যক শলাগ লৈছে অঞ্চলটোৰ সচেতন ৰাইজে। 

চিকিৎসক ওৰাং