/asomiyapratidin/media/media_files/2025/05/27/JFHxETqO3qgKoEKDhT65.jpg)
ডিজিটেল সংবাদ, চিৰাং: কেৱল অসমৰে নহয় উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এখন আটকধুনীয়া আৰু সকলো ধৰনৰ আধুনিক সা-সুবিধা যুক্ত কাৰাগাৰ হৈছে চিৰাং জিলা সদৰ কাজলগাঁৱত নতুনকৈ নিৰ্মাণ কৰা জিলা কাৰাগাৰ। ৬৩৬ গৰাকী কয়দী ৰখাৰ সুবিধা থকা প্ৰায় ৬৫ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা জিলা কাৰাগাৰ অহা ২১ জুন তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে মুকলি কৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰাৰ পূৰ্বেই ৰাজ্যৰ শ্ৰম বিভাগৰ কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালাই আজি কাজলগাঁৱৰ নৱনিৰ্মিত জিলা কাৰাগাৰ পৰিদৰ্শন কৰি সকলো পৰিস্থিতি আৰু পৰিৱেশৰ বুজ ল’বলৈ আহি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে। ৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আধুনিক এই জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কাৰাগাৰৰ ভিতৰচৰাত ইমান সা-সুবিধা থকা আন্তঃগাঁথনি দেখি বিৰাট সন্তুষ্টি প্ৰকাশ কৰে।
কাৰাগাৰখন পৰিদৰ্শন কৰি মন্ত্ৰী ৰূপেশ গোৱালাই সংবাদ মাধ্যমৰ আগত কয় যে, অসম নহয় উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এনেকুৱা আটকধুনীয়া আৰু আধুনিক সুবিধা থকা কাৰাগাৰ নাই। তেওঁ নিৰ্মাণকাৰী সংস্থাক ধন্যবাদ জ্ঞাপন কৰি কয় যে প্ৰায় ৬৫ কোটি টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত এই আধুনিক কাৰাগাৰত পুৰুষ, মহিলা আৰু তৃতীয় লিঙ্গসহ মুঠ ৬৩৬ গৰাকী বিচাৰাধীন আচামী তথা কয়দী থকাৰ সু-ব্যৱস্থা আছে।
কাৰাগাৰৰ ভিতৰচৰাত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে চিকিৎসালয়, বিদ্যালয়, গ্ৰন্থাগাৰ আদিকে কৰি সকলো ধৰনৰ সা-সুবিধাৰ ব্যবস্থা আছে। যি আধুনিক সা-সুবিধা অসমৰ অন্যান্য জিলা কাৰাগাৰ সমূহত নাই।
কেৱল অসম নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত থকা কাৰাগাৰ সমূহতো এই জিলা কাৰাগাৰৰ দৰে সা-সুবিধা নাই বুলি তেওঁ দাবী কৰে। কাজলগাঁৱৰ এই নৱনিৰ্মিত জিলা কাৰাগাৰ অহা ২১ জুন তাৰিখে মুখমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সদৰি কৰে।
স্থানীয় বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই নৱনিৰ্মিত কাৰাগাৰ পৰিদৰ্শন কৰি কয় যে, তেওঁ অসমৰ কেইবাখনো কাৰাগাৰ পৰিদৰ্শন কৰিছে কিন্তু কাজলগাঁৱৰ জিলা কাৰাগাৰ দৰে ক’তো ইমান সা-সুবিধা দেখিবলৈ পোৱা নাই। নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈছে যদিও এতিয়া নতুনকৈ এবাৰ পৰিস্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে, নতুন আচবাব পত্ৰ স্থাপন কৰিব লাগিব। মুঠৰ ওপৰত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ আগতেই সকলো কামকাজ সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্ত গৰাকীয়ে যাবতীয় ব্যবস্থা হাতত লৈছে বুলি জানিবলৈ দিয়ে।
আজি নৱনিৰ্মিত কাৰাগাৰ পৰিদৰ্শন কালত মন্ত্ৰী ৰূপেশ গোৱালাৰ সৈতে স্থানীয় চিদলী সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা আয়ুক্ত যতীন বৰা, আই জি পি (পি) পূবালী গোহাঁই, ডি আই জি গৌতম বৰা আৰু জিলা আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গসহ অসম আৰক্ষীৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে ।