ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত ঔষধীযুক্ত আঠুৱা বিতৰণ

তামুলপুৰৰ পূৱ গুৱাবাৰীত বাক্সা জিলা বাহকজনীত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বাক্সাৰ দ্বাৰা বুধবাৰে মেলেৰিয়া ৰোগৰ নিয়ন্ত্ৰণ আৰু মুক্ত কৰাৰ লক্ষ্যৰে বিতৰণ কৰা হয় গুণাগুণ সম্পন্ন আঁঠুৱা।

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত ঔষধীযুক্ত আঠুৱা বিতৰণ

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰৰ পূৱ গুৱাবাৰীত বাক্সা জিলা বাহকজনীত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বাক্সাৰ দ্বাৰা বুধবাৰে মেলেৰিয়া ৰোগৰ নিয়ন্ত্ৰণ আৰু মুক্ত কৰাৰ লক্ষ্যৰে বিতৰণ কৰা হয় গুণাগুণ সম্পন্ন আঁঠুৱা। 'জিএফএটিএম' ৰ সহযোগত আঁঠুৱা বিতৰণৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰে তামুলপুৰ জিলা দণ্ডাদিশ হিতেশ বড়োই।

Advertisment

গাঁওখনৰ কেইবা শতাধিক পৰিয়ালক বিতৰণ কৰা এই আঁঠুৱা বিতৰণ অনুষ্ঠানটিত উপস্থিত থাকে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ মনোজ কুমাৰ দাস, জিলা বাহকজনীত ৰোগ বিষয়া ৰহিম আলি আহমেদ,জিলা সহকাৰী মেলেৰিয়া বিষয়া- হেমকান্ত বড়ো, নাগ্ৰিজুলী আদৰ্শ হস্পিতালৰ অধ্যক্ষ দিগন্ত কুমাৰ বড়ো, ক্ষেত্ৰ বিষয়া ডঃ মনোহৰ দাস সহ আন স্বাস্থ্য কর্মী, আশা কর্মী আৰু স্থানীয় সমাজ কর্মীসকল।

আজি আনুষ্ঠানিক ভাৱে অঞ্চলটোৰ কেইবা শতাধিক লোকৰ মাজত বিতৰণ কৰা আঁঠুৱা সমূহৰ ব্যৱহাৰ সম্পৰ্কেও বিস্তাৰিত ভাৱে অৱগত কৰে ৰাইজক।

উল্লেখ্য যে, তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তীৰ ১৬ টা স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ৬৮ টা গাঁওত বিতৰণ কৰিব এই ঔষধি গুণ সম্পন্ন আঁঠুৱা। প্ৰায় ২০ হেজাৰ পৰিয়াল গৃহত লাভ কৰিব এই আঁঠুৱা। স্থানীয় আশা কর্মী সকলৰ দ্বাৰা গাঁওয়ে গাঁওয়ে বিতৰণ কৰা হব এই সমূহ আঁঠুৱা।

Also Read: সুদখোৰৰ বিৰুদ্ধে চলিছে তীব্ৰতৰ অভিযানঃ ১২২ জনক গ্ৰেপ্তাৰ

gfatm tamulpur