/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7ea156ea-10e2-4f12-b58f-9f1c7417bbc8/409.jpg)
ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলাৰ অন্যতম বাণিজ্যিক চহৰ বাসুগাঁৱৰ উৰণ সেতুৰ উদ্বোধন হোৱাৰ এবছৰ নৌহওঁতেই উৰণ সেতুৰ দক্ষিণ দিশৰ পথৰ এটা অংশত বিসংগতি দেখিবলৈ পোৱা গৈছে । উৰণ সেতুটোৰ ওপৰত দক্ষিণ দিশত পথৰ এটা অংশ প্ৰায় ৩/৪ ইঞ্চি পকীপথ বহি গৈছে ।
ফলত উক্ত উৰণ সেতুৱেদি দৈনিক অহা-যোৱা কৰা যান-বাহনসমূহ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । যাৰ কাৰণে স্থানীয় ৰাইজে যিকোনো মুহূৰ্তত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/775bd1ae-41b1-40b4-9a52-ef98eb7ed6eb/64a36c5e-eaec-4400-b001-791e24112c4e.jpg)
স্থানীয় লোকৰ অভিযোগ যে বাসুগাঁও চহৰৰ নৱনিৰ্মিত উৰণ সেতু যোৱা ২০২৩ চনৰ অক্টোবৰ মাহত মাহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ পূৰ্বেই উক্ত স্থানত বিসংগতি দেখা দিছিল। কিন্তু উৰণ সেতু নিৰ্মাণকাৰী সংস্থা হাইটেক কনষ্ট্ৰাকছন কোম্পানীয়ে ঠাইডোখৰ উদ্বোধনৰ প্ৰাকমুহূৰ্তত কোনোমতে মেৰামতি কৰিছিল ।
সাময়িকভাৱে পথৰ নিদিষ্ট ঠাইডোখৰ কিছুদিন ঠিক আছিল যদিও উদ্বোধন কৰাৰ দুমাহ নৌহওঁতেই উৰণ সেতুৰ পথছোৱা পুনৰ বহি যাবলৈ আৰম্ভ হৈছিল । এই সন্দৰ্ভত স্থানীয় লোকে উদ্বেগ প্ৰকাশ কৰাৰ সেই সময়ছোৱাত উক্ত পথছোৱাৰ বিসংগতি সন্দৰ্ভত কাকতত বাতৰি প্ৰকাশিত হৈছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/beff87e9-55f1-4865-b225-591db8ce6f94/5bb85d80-ae19-4eb4-8e47-6890115d1af5.jpg)
কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই এই উৰণ সেতুৰ বিসংগতিপূৰ্ণ পথছোৱা পুনৰ মেৰামতি কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। ইতিমধ্যেই উৰণ সেতুৰ উদ্বোধন কৰাৰ ৯ মাহ অতিক্ৰম কৰিছে আৰু দৈনিক গধূৰ যান-বাহন উৰণ সেতুৰে যাতায়াত কৰাৰ ফলত উক্ত বিসংগতিপূৰ্ণ পথছোৱা ইতিমধ্যেই প্ৰায় ৩ /৪ ইঞ্চি বহি যোৱাৰ ফলত দৈনন্দিন চলাচল কৰা বিশেষকৈ দুচকীয়া, তিনিচকীয়া আৰু ক্ষুদ্ৰ বাহনসমূহৰ নিয়ন্ত্ৰণ হেৰুৱাৰ উপক্ৰম হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
যি বিষয়টোক লৈ সম্প্ৰতি বাসুগাঁৱবাসী ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উৰণ সেতুৰ উক্ত বহি যোৱা পথছোৱাৰ কাৰণে যিকোনো মুহূৰ্তত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।
যাৰ কাৰণে ডাঙৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আগেয়ে সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়টোত গুৰুত্বাৰোপ কৰি অতি সোনকালে বিসংগতিপূৰ্ণ পথছোৱা মেৰামতি কৰিবলৈ আহ্বান জনাইছে ।
Also Read: ক্ৰিকেটৰ নিতীশ কুমাৰ...