/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/548cf48d-0aa4-4c9e-8d0b-50ebaa52e4b9/d.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ পুনৰ অশান্ত হ'ব নেকি বিটিচি? সংখ্যালঘূ তথা মিঞাক বিটিআৰৰ পৰা বিতাৰিত কৰাৰ পৰিকল্পনা কৰিছে নেকি বিটিচিৰ বিজেপি- ইউপিপিএল মিত্ৰজোঁট চৰকাৰে? বিটিচিৰ সংখ্যালঘুক ভূমিহীন কৰাৰ পৰিকল্পনা কৰিছে নেকি বিটিচি চৰকাৰে? ওদালগুৰিৰ ওৰাঙত সাংসদ দিলীপ শইকীয়াৰ এক বিস্ফোৰক মন্তব্যই তাৰেই যেন ইংগিত দিলে।
বিটিচিৰ ইএম ড° নিলোৎ স্বৰ্গীয়াৰীক কাষত বহুৱাই বিটিচিৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যাৰ সংখ্যালঘূ মিঞাক শীঘ্ৰেই যথোচিত ব্যৱস্থা কৰাৰ হুংকাৰ সাংসদ গৰাকীৰ। সমাগত লোকসভা নিৰ্বাচন। ৰাজনৈতিক নেতাসকলেও আৰম্ভ কৰিছে সাম্প্ৰদায়িক, ভাগ-ভাগৰ ৰাজনীতি।
এইবাৰ সাংসদ দিলীপ শইকীয়াৰ এক মন্তব্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। বিটিচিৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যা মিঞা তথা সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লয় সাংসদ গৰাকীয়ে। বিটিচিৰ কোকৰাঝাৰ ,চিৰাং,বাক্সা ওদালগুৰিত ভৰি গৈছে মিঞাই। বিপিএফ -কংগ্ৰেছৰ ছত্ৰছায়াত অহা সংখ্যালঘূ মিঞাক শীঘ্ৰেই ট্ৰীটমেন্টৰ পৰিবেশ বনাই থকাৰ বিস্ফোৰক মন্তব্য শইকীয়াৰ।
আইনী প্ৰক্ৰিয়াৰ মাজেৰে যথোচিত ব্যৱস্থা লোৱাৰো হুংকাৰ। মিচন বসুন্ধৰাৰ লেখিয়াকৈ বিটিচি চৰকাৰেও আৰম্ভ কৰিছে মিচন বৈছুমতি। এই ব্যৱস্থাৰ দ্বাৰাই মিঞাক ভূমিহীন কৰাৰ যেন ভয়ংকৰ ইংগিত দিলে নেতাগৰাকীয়ে।
ওদালগুৰিৰ ওৰাঙত বিটিচি চৰকাৰৰ উদ্যোগত ''আলাৰী সোৰাং আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত ইএম ড° নিলুৎ স্বৰ্গীয়াৰীক কাষত বহুৱাই এইদৰে এটা পিছত আন এটা বিস্ফোৰক মন্তব্য আগবঢ়ায় সাংসদ দিলীপ শইকীয়াই। শইকীয়াৰ এই মন্তব্যই ইউপিপিএলক শলঠেকত পেলাব নেকি? সাংসদ গৰাকীৰ এই বক্তব্যত প্ৰমোদ বড়োৱে কি স্থিতি গ্ৰহণ কৰে সেয়াহে লক্ষ্যনীয় হ'ব।
ইফালে অসমত- ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত পাকিস্তানী এজেণ্ট সোমোৱাৰ আন এক ভয়ংকৰ অভিযোগ সাংসদ গৰাকীৰ। পাকিস্তানী এজেণ্টৰ ওপৰত নজৰ ৰাখিবলৈ ওৰাঙৰ জনসাধাৰণকো আহ্বান দিলীপ শইকীয়াৰ।
Also Read: ছনি বিবিচি আৰ্থ'ৰ ফটো প্ৰতিযোগিতালৈ নিৰ্বাচিত জাগীৰোডৰ যুৱকৰ ফটো
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us