বড়োলেণ্ডৰ ছহিদ পৰিয়ালক শীঘ্ৰেই ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিবলৈ দাবী...

দাবী মানি ন'ললে আগন্তুক বিটিচিৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ সিদ্ধান্ত

author-image
Asomiya Pratidin
New Update
বড়োলেণ্ডৰ ছহিদ পৰিয়ালক শীঘ্ৰেই ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিবলৈ দাবী...

বড়োলেণ্ডৰ ছহিদ পৰিয়ালক শীঘ্ৰেই ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিবলৈ দাবী...

ডিজিটেল সংবাদ বাক্সাঃ সুকীয়া ৰাজ্য বড়োলেণ্ড আন্দোলনত ছহিদ হোৱা পৰিয়ালবোৰক চৰকাৰে ঘোষিত ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্যক শীঘ্ৰে আদায় দিবলৈ পুনৰ দাবী উত্থাপন কৰিছে বাক্সা-তামুলপুৰ জিলা ছহিদ পৰিয়াল সমিতিয়ে। আজি তামুলপুৰ জিলাৰ কুমাৰিকাটাত 'বড়োলেণ্ড ছহিদ পৰিয়াল সমিতি'ৰ উপ-সভাপতি মহেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাৰ জৰিয়তে আগন্তুক বিটিচি নিৰ্বাচনৰ আগতেই ছহিদ পৰিয়ালবোৰক ৫ লাখ টকাৰ আৰ্থিক সাহায্যক আদায় দিবলৈ দাবী কৰে।

Advertisment

ইয়াৰোপৰি বড়োলেণ্ড আন্দোলন কৰি ছহিদ হোৱাসকলৰ তেজৰ বিনিময়ত বিএচি, বিটিচি আৰু বিটিআৰ চুক্তি হৈ গ'ল। কিন্ত বহু পৰিয়ালে চৰকাৰৰ ঘোষিত ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ অনুদান আজিলৈ পোৱা নাই বুলিও অভিযোগ কৰে। যাৰ ফলত গভীৰ দুখ প্ৰকাশ কৰিছে বাক্সা- তামুলপুৰ জিলা বড়োলেণ্ড ছহিদ পৰিয়াল সমিতিয়ে।

আনহাতে আজি বড়োলেণ্ড ছহিদ পৰিয়াল সমিতিয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে, আগন্তুক ২০২৫ চনৰ বিটিচি নিৰ্বাচনৰ পূৰ্বে যদি ৫ লাখ টকাৰ আৰ্থিক অনুদান চৰকাৰে সম্পূৰ্ণ দিব নোৱাৰে তেন্তে প্ৰতিখন জিলাৰ পৰা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলিও স্পষ্ট কৰি দিয়ে ছহিদ পৰিয়াল সমিতিৰ নেতাসকলে।

ইয়াৰ উপৰিও আধৰুৱা পৰিয়ালবোৰক চৰকাৰৰ এই অনুদান আদায় দিবলৈ বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োক আহ্বান জনাইছে বড়োলেণ্ড ছহিদ পৰিয়াল সমিতিয়ে। সভাখন আঁতধৰে বড়োলেণ্ড ছহিদ পৰিয়াল সমিতিৰ সাধাৰণ সম্পাদক বিনয় স্বৰ্গীয়াৰীয়ে।

Also Read: বিহাৰে পালে ১১ হাজাৰ ৫০০ কোটি, অসমে পালে আকৌ আশ্বাস...

বড়োলেণ্ড ছহিদ পৰিয়াল বাক্সা