ঐতিহ্যমণ্ডিত শিৱসাগৰতো অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ

এইবাৰ অসম বিধানসভাৰ বাজেট অধিৱেশন উজনি অসমৰ ঐতিহ্যমণ্ডিত শিৱসাগৰতো অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত শিৱসাগৰতো অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ স্বাধীনত্তোৰৰ পিছত প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ পিছত এইবাৰ অসম বিধানসভাৰ বাজেট অধিৱেশন উজনি অসমৰ ঐতিহ্যমণ্ডিত শিৱসাগৰতো অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । আজি কোকৰাঝাৰত ইতিহাসসৃষ্টিকাৰী বাজেট অধিবেশনত ভাগ লবলৈ আহি পোণপ্ৰথমে বড়োলেণ্ড সচিবালয়ত থকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । ইয়াৰ পিছতেই এক সংবাদমেল সম্বোধন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মুখ্যমন্ত্ৰীৰ ইচ্ছাৰ বাবেই কোকৰাঝাৰত আজিৰ বাজেট অধিৱেশন অনুষ্ঠিত হৈছে। ভৱিষ্যতেও এনে পদক্ষেপ ল'ব বুলি আশা কৰি দেৱব্ৰত শইকীয়াই শিৱসাগৰত অসম বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে।

Advertisment

তদুপৰি সকলো জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ মিলাপ্ৰীতি বৰ্তাই ৰখাত সকলোৰে দায়িত্ব আছে আৰু সকলোৱে বিষয়টোক আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই। বৰদলৈ সমিতিৰ পৰামৰ্শ মৰ্মে পাহাৰৰ জনজাতিৰ বাবে ষষ্ঠ অনুসূচী গঠন কৰা হৈছিল আৰু পোনপ্ৰথম বাৰৰ বাবে ২০০৩ চনত ভৈয়ামৰ জনজাতিৰ বাবেও ষষ্ঠ অনুসূচী গঠন হ'ল বুলি মন্তব্য কৰি ইয়াত সুবিধা -অসুবিধা দুয়োটাই আছে বুলি মন্তব্য কৰি নেৰ্তৃত্ব লোৱাসকলেও পাৰদৰ্শিতা দেখুয়াব লাগিব বুলি মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

ইপিনে স্বাধীনত্তোৰৰ কালত প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনত অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰাই কয় যে, এটা সময়ত এই অঞ্চলটোত হত্যা, হিংসা, অপহৰণ, লুটপাত সংঘটিত হৈছিল আৰু আজি বিধানসভাৰ বাজেট অধিৱেশন পতাৰ পৰিৱেশ সৃষ্টি হৈছে। ইয়াৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সুচাৰুৰূপে আয়োজন কৰা বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োকো ধন্যবাদ জ্ঞাপন কৰে।

ৰাজধানীৰ বাহিৰত বাজেট অধিৱেশন অনুষ্ঠিত কৰা প্ৰক্ৰিয়াই গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰি অতুল বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেৰ্তৃত্বতে ষষ্ঠ অনুসূচীকে ধৰি সকলোতে সম উন্নয়ন, সম বিকাশ হৈছে আৰু স্বাধীনত্তোৰৰ পিছত সমাধান নোহোৱা সমস্যাসমূহো লাহে লাহে সমাধানৰ দিশত আগবাঢ়িছে বুলি মন্তব্য কৰিছে অগপৰ সভাপতি অতুল বৰাই। 

দেৱব্ৰত শইকীয়া কোকৰাঝাৰ অসম বিধানসভা