/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/agrani-news.jpg)
বাসুগাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰ....
ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি বাসুগাঁৱত সৃষ্টি হৈছে চাঞ্চল্য।
জানিব পৰা মতে চহৰখনৰ সমীপৰ চম্পাৱতী নৈৰ ৰে'লৰ দলঙৰ তলত উদ্ধাৰ হৈছে মৃতদেহটো। স্থানীয় লোকৰ সন্দেহ অনুসৰি ৰে'লৰ খুন্দাত নিহত হৈছে এই মহিলাগৰাকীৰ।
উদ্ধাৰ হোৱা মহিলাগৰাকী ধুবুৰী জিলাৰ চাপৰৰ হাতিপুতা গাঁৱৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ নাম জৰিণা বেগম। চাপৰৰ হাতিপুতা গাঁৱৰ মীৰ হুছেইনৰ পত্নী।
উল্লেখ্য যে, তেওঁ বাসুগাঁৱৰ চৰণীয়া পথাৰত কেতুৰি বুটলিবলৈ আহি সন্ধানহীন হৈ আছিল। শনিবাৰে নিশাৰ ভাগত মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰাৰ পাছতে ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰিছে তেওঁৰ মৃতদেহ।
Also Read: চতিয়াত ড্রাগছসহ আটক ৩জন যুৱক