শ্ৰীনগৰত কৰ্মৰত চি আৰ পি এফ জোৱান স্বপন নাথৰ বিয়োগ

শ্ৰীনগৰত কৰ্মৰত চি আৰ পি এফ জোৱান স্বপন নাথৰ বিয়োগ

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা নিবাসী তথা শ্ৰীনগৰত কৰ্মৰত চি আৰ পি এফ জোৱান স্বপন নাথ (৩২)ৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মাথো এমাহ পূৰ্বে শ্ৰীনগৰত কৰ্তব্যত যোগদান কৰা স্বপন নাথৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে পৰিয়ালত কান্দোনৰ ৰোল উঠে।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা প্ৰায় ৯-০০ বজাত শ্ৰীনগৰৰ পৰা চি আৰ পি এফৰ উৰ্ধতম কৰ্তৃপক্ষই পৰিয়ালৰ সদস্যক টেলিফোনযোগে স্বপন নাথে আত্মহত্যাৰ চেষ্টা কৰা আৰু তেঁওৰ অৱস্থা অতি গুৰুতৰ বুলি অৱগত কৰে। চিআৰপিএফ কৰ্তৃপক্ষই গুৰুতৰভাৱে আহত স্বপন নাথক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত চিকিৎসকে গুলীবিদ্ধ স্বপন নাথক মৃত বুলি ঘোষণা কৰে ।

শ্ৰীনগৰৰ পৰা প্ৰেৰণ কৰা মৃতকৰ ফটোত দেখা যায় যে, চিআৰপিএফ জোৱান স্বপন নাথৰ মূৰৰ লাওখোলা ৰাইফলৰ গুলীত উৰি গৈছে আৰু ৰাইফলটো মৃতকৰ কাষত পৰি আছে। সম্পূৰ্ণ সামৰিক পোছাকত থকা ৰক্তৰে ৰঞ্জিত স্বপন নাথৰ মৃতদেহটো দেখি স্বাভাৱিকতে পৰিয়ালৰ লোক হতচকিত হৈ পৰে।

পৰিয়ালৰ সদস্যই সদৰী কৰা মতে মাত্ৰ এমাহ পূৰ্বে ছুটী শেষ কৰি শ্ৰীনগৰত কৰ্তব্যত যোগদান কৰাৰ পিছত আজি লাভ কৰা অনাকাংক্ষিত খবৰটোৱে তেওঁলোকক দিশহাৰা কৰি তুলিছে । এয়া বিশ্বাস কৰিবলৈকে টান বুলি মন্তব্য কৰি হাঁহি -ফূৰ্তিত থকা, পৰিয়াল, নিকটাত্মীয়ৰ সতে নিয়মিত যোগাযোগ ৰক্ষা কৰা স্বপন নাথে কিয় আত্মহত্যা কৰিব বুলি ওলোটাই প্ৰশ্ন কৰিছে।

প্ৰণিধানযোগ্য যে, অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান স্বপন নাথ ২০১১ চনত চিআৰপিএফত ভৰ্তি হৈছিল । কিছুমাহ পূৰ্বে শ্বিলংৰ পৰা শ্ৰীনগৰলৈ বদলি হৈছিল স্বপন নাথ । চিআৰপিএফৰ ৮২ নং বেটেলিয়নত কৰ্মৰত স্বপন নাথৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই অজস্ৰ গুণমুগ্ধই তেওঁৰ বাসভৱনত ভিৰ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।

মৃত্যুৰ পূৰ্বে স্বপন নাথে ইহজগতত মাতৃ,ভাতৃ,পত্নী আৰু এগৰাকী পাঁচবছৰীয়া কন্যা সন্তান এৰি থৈ গৈছে । স্বপন নাথৰ মৃতদেহ আজি নিশা শ্ৰীনগৰৰ পৰা বিমানযোগে নতুন দিল্লীলৈ অনাৰ পিছত শুকুৰবাৰে পুৱা নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হ'ব । ইয়াৰ পিছতে গুৱাহাটীৰ পৰা মৃতদেহ ঘৰলৈ অনা হ'ব আৰু ভূটীয়াপাৰা শ্মশানত মৃতকৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে ।

শ্ৰীনগৰত কৰ্মৰত চি আৰ পি এফ জোৱান স্বপন নাথৰ বিয়োগ
বাক্সাত বাণিজ্যিক ভিত্তিত গাহৰি পালনৰ প্রশিক্ষণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in