/asomiyapratidin/media/media_files/2025/05/28/6MjhFHbDBY1djDVWPYJk.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যেই শাসকীয় মিত্ৰজোঁট ইউপিপিএল আৰু বিজেপিয়ে তৃণমূল পৰ্যায়ত সাংগঠনিক কাম কাজ আৰম্ভ কৰিছে। তেনেক্ষেত্ৰত পিছ পৰি থকা নাই বিৰোধী দল বিপিএফ।
বিগত লোকসভা আৰু উপনিৰ্বাচনত বেয়াকৈ মুখ থেকেছা খোৱাৰ পিছতো কংগ্ৰেছ দলে আকৌ বিটিচি পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে। মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বেংতলস্থিত ১৩ নং চিৰাং ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে, বিটিচিত বিজেপিৰ কাম নাই, কাৰণ বড়ো সকলে আন্দোলন কৰি আজি এই পৰ্যায় পাইছে।
বড়োসকলৰ বাবে বিএলটি আছে বিপিএফ দল আছে, এবছু আছে, ইউপিপিএল দল আছে । বড়োসকলে কোনোপধ্যেই বিজেপিক ভোটদান নকৰে যিদৰে মুছলমানসকলে বিজেপিক ভোটদান নকৰে। এইবেলি বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰায় সংখ্যক আসনতে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিবলৈ কংগ্ৰেছ দলত এখন কমিটী বনাই পৰ্যালোচনা কৰি থকা হৈছে বুলি সদৰি কংগ্ৰেছ নেতা জনে ।
এইবেলি বিটিচি পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলে কমেও ৭ ৰ পৰা ১১ খন আসনত বিজয়ী হ'ব আৰু বিটিচিত চৰকাৰ বনোৱাৰ ক্ষেত্ৰত কিংমেকাৰ হ'ব বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে। সংবাদমেলত গৰ্জন মুছাহাৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দ্বায়িত্ব অৰ্পণ কৰাত সন্তুষ্টি প্ৰকাশ কৰে।
গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ লগে লগেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে বুলি কটাক্ষ কৰে।সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে তেখেত মুখ্যমন্ত্ৰী হৈয়ে ঘোষণা কৰিছিল অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ এখন কৰি তুলিব।
কিন্তু আজি প্ৰকৃতাৰ্থত অসমখনক উন্নত ৰাজ্য হিচাপে গঢ় দিবলৈ সক্ষম হৈছে নে ? উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ পৰিবৰ্তে তেওঁ অসমবাসীৰ মূৰৰ ওপৰত হেজাৰ হেজাৰ কোটি টকাৰ ঋণৰ বোজাহে জাপি দিছে বুলি তীব্ৰ সমালোচনা কৰে ।
অসমৰ ৰাইজে বিচৰা লোকজনকে কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধীয়ে এইবেলি গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দ্বায়িত্ব দিছে। এতিয়া সকলোৱে কংগ্ৰেছ দলকে আঁকোৱালি ল'ব বুলি কয়।
দৰাচলতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক ভয় কৰে । যাৰ বাবে বাৰেপতি গগৈক পাকিস্তানৰ সৈতে জড়িত কৰি বদনাম কৰাৰ বাবে বহু চেষ্টা কৰিছিল আৰু কৰি আছে বুলিও তেওঁ কয়।
কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয়, তেখেতে জনা উচিত যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। তেওঁৰ মতে সকলো নচলে। গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ লগে লগেই কংগ্ৰেছৰ যুৱ প্ৰজন্মৰ মাজত এটা ঢৌ আহিছে গতিকে ২০২৬ ত অসমত কংগ্ৰেছৰ চৰকাৰে অহাটো নিশ্চিত বুলি দাবী কংগ্ৰেছ নেতা গৰ্জন মুছাহাৰীৰ।
ভূপেন বৰাও কংগ্ৰেছৰ আদৰ্শৰ পৰা বিচ্যুতি নোহোৱাকৈ সভাপতিৰ দ্বায়িত্ব পালন কৰিছিল বুলি কংগ্ৰেছ নেতা জনে সংবাদমেলত উল্লেখ কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনত অসম জাতীয় পৰিষদ, ৰাইজৰ দলেও প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা চলি আছে তেনেক্ষেত্ৰত কংগ্ৰেছ দলে কি কৰিব বুলি প্ৰশ্ন কৰাত তেখেত কয় যে, বিজেপি বিৰোধী ৰাজনৈতিক দলৰ সৈতে বুজাবুজিৰে বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা চলি আছে।
লগতে তেওঁ কোনো দলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ সম্ভাৱনা নাই বুলি সদৰি কৰে।সংবাদ মেলত চিৰাং জিলা কংগ্ৰেছৰ অন্তৰ্গত কেবাটাও ব্লক কংগ্ৰেছৰ সভাপতি উপস্থিত থাকে ।